Murder case at Jamugurihat: জামুগুৰিহাটত চোকা অস্ত্ৰৰে ডিঙিত ৰেপি এজনক হত্যা
চতিয়া, ১০ মাৰ্চ:জামুগুৰিহাটৰ টলকাবাৰীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় (Murder case at Jamugurihat) ৷ বৃহস্পতিবাৰে নিশা টলকাবাৰী গাঁৱৰ গকুল বৰা (45) নামৰ ব্যক্তিজনক কোনো দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে ডিঙিত ৰেপি হত্যা কৰি পথাৰত পেলাই থৈ যায় (Man Killed with sharp weapon )। শুকুৰবাৰে পুৱা পথাৰত গোবৰ পেলাবলৈ যোৱা গাঁৱৰ লোকে পথাৰৰ মাজত পৰি থকা ক্ষত বিক্ষত মৃতদেহটো প্ৰত্যক্ষ কৰে (Man Brutally Killed) ৷ লগে লগে গাঁওবাসীয়ে ঘটনা সন্দৰ্ভত জামুগুৰিহাট আৰক্ষী থানাত খবৰ দিয়ে ৷
খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত জামুগুৰিহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ মৃত যুৱকজন অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক:Body recovered in Gohpur: গহপুৰত শিশুৰ মৃতদেহ উদ্ধাৰ