Elephant attack at Joypur: বনৰীয়া হাতীৰ আক্ৰমণত নিহত নৈশ চকীদাৰ - হাতী মানুহৰ সংঘাত
ডিব্ৰুগড়, 4 মে’: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ জয়পুৰৰ তৰাজান চাহ বাগিচাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এজন (Man Killed in Elephant Attack at Joypur) ৷
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নামি অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত লাখিয়া কৈয়া নামৰ এজন বাগিচাৰ কৰ্মচাৰী ৷ বাগিচাৰ নৈশ চকীদাৰ ৰূপে কৰ্মৰত আছিল ব্যক্তিজন (Elephant attack at Joypur) ৷ বাগিচাৰ কলঘৰৰ দিশৰ পৰা আহি থাকোতেই নিশা ভাগত সংঘটিত হয় এই ঘটনা ৷ মৃত ব্যক্তিজনৰ বয়স ৪৫ বছৰ বুলি জানিব পৰা গৈছে ।
হাতীৰ আক্ৰমণত এনেদৰে বাগিচাৰ কৰ্মচাৰী মৃত্যু হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷
লগতে পঢ়ক:Marathon Race Competition at Tingkhong: টিংখাঙত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতা