Murder case: নিজ ভাতৃক হাতুৰীৰে কোবাই নৃশংস হত্যা - মৰণোত্তৰ পৰীক্ষা
মৰাণ, 10 মে’ : "তাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আমি তাক মাৰি পেলালো", কেমেৰাৰ আগত স্বীকাৰোক্তি এগৰাকী হত্যাৰ অভিযুক্তৰ (Man killed by family member) ৷ মঙলবাৰে নিশা ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ ডিকম চেঁচা নতুন লাইনত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ ককায়েক আৰু নবৌৱেকে মিলি নিশাই হাতুৰীৰে কোবাই অতি নৃশংসভাৱে হত্যা কৰে মতি মূড়াক (Terrible murder case at Lahowal )। হত্যাৰ অভিযুক্ত সুৰেশ মুড়াই আৰু সুনিমা মুড়াই মতি মূড়াক হত্যা কৰি আছুতীয়া কোঠাত পেলাই থয় ।
অভিযোগ অনুসৰি প্ৰতিদিনে সুৰাপান কৰি আহি ঘৰত অত্যাচাৰ চলাইছিল মতিয়ে ৷ সুৰাপায়ী মতিয়ে বৌৱেকক মাৰ ধৰ কৰাৰ লগতে হত্যা কৰাৰো চেষ্টা কৰে বুলি জানিবলৈ দিয়ে বৌৱেকে ৷ ঘটনাৰ নিশাও পূৰ্বৰ দৰে ঘৰত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল মতিয়ে ৷ সেইবাবেই এই ঘটনা সংঘটিত হ’ল বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে ককায়েক-বৌৱেকে ৷ ঘটনাস্থলীত ডিকম আৰক্ষী উপস্থিত হৈ দুয়োকে গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
ইফালে আৰক্ষীয়ে মৃত মতি মুড়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে (Murder Accused arrested by police) । এই সন্দৰ্ভত ডিকম আৰক্ষীয়ে Lahowal P,S গোচৰ নং 74/23 US 302/201/34 IPC ধাৰাত ৰুজু কৰি দুয়োজনকে জেইল হাজোতলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে ৷