অসম

assam

সোঁ হাতখন চিঙা গ’ল শুকুৰ আলীৰ

ETV Bharat / videos

Man injured after Mustard machine accident in Nalbari : শুকুৰবাৰে হাত ছিগিল শুকুৰ আলীৰ - হাতখন চিঙা গ’ল শুকুৰ আলীৰ

By

Published : Mar 10, 2023, 10:57 PM IST

নলবাৰী, ১০ মাৰ্চ : নলবাৰীৰ বৰতলাত অঘটন । শুকুৰাৰে সৰিয়হ পেৰা মেচিনত সৰিয়হ ভৰাই থাকোতেই সোঁ হাতখন চিঙা গ’ল শুকুৰ আলীৰ (Man injured after getting stuck in Mustard machine in Nalbari) ৷ এই ঘটনাৰ পাচতেই শুকুৰ আলীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, নলবাৰীৰ ৪ নং বৰতলাৰ ২০ বছৰীয়া শুকুৰ আলীয়ে বৰতলাৰ এটা ৰাইচ মিলত সৰিয়হ পেৰিব গৈছিল ৷ ৰাইচ মিলটোৰ কৰ্মচাৰীয়ে সৰিয়হ পেৰি থাকোতেই শুকুৰ আলীয়েও মেচিনত সৰিয়হ ভৰাবলৈ লয় ৷ ৰাইচ মিলটোৰ কৰ্মচাৰীয়ে যুৱকজনক এই কামটো কৰাত বাধা প্ৰদান কৰিছিল যদিও কাৰো কথা শুনা নাছিল শুকুৰে ৷

ফলত দুৰ্ভাগ্যবশত ৰাইচ মিলটোত শুকুৰ আলীৰ সোঁ হাতখন সোমাই যায় ৷ যাৰ ফলত শুকুৰ আলীৰ সোঁ হাতখন চিঙি যায় ৷ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক :Worker Dies in Freak Accident at Chabua : চাবুৱাৰ বায়ুসেনা চাউনীত মেচিনত সোমাই শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details