অসম

assam

পত্নীক লগ কৰিব নোৱাৰি গেটতেই আত্মহত্যা স্বামীৰ

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:23 PM IST

ETV Bharat / videos

Man committed suicide: পত্নীক লগ কৰিব নোৱাৰি গেটতেই আত্মহত্যা স্বামীৰ

মৰাণ, 17 অক্টোবৰ :  ডিব্ৰুগড় জিলাৰ মৰাণত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ মঙলবাৰে পত্নীক লগ কৰিবলৈ ঘৰৰ গেটতে পিন্ধি থকা গেঞ্জীৰে চিপ লৈ আত্মহত্যা স্বামীৰ ৷  

মৰাণৰ 108 নং খোৱাং গ্ৰান্টত সংঘটিত হৈছে এই ঘটনা ৷ কৰ্মসূত্ৰে এটা ভাৰাঘৰত থকা ডিমৌৰ কৃষ্ণ বিহাৰী চাহ বাগিচাৰ খঙীয়াৰ ঘনশ্যাম কুৰ্মী (৪৬) আৰু পত্নী ৷ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈ থাকে । স্বামীৰ সৈতে কাজিয়া হ’লেই বাৰে বাৰে পত্নীয়ে ভাৰাঘৰৰ পৰা ওলাই গৈ সম্পৰ্কীয়ৰ ঘৰত থাকে ৷ যদিও বাৰে বাৰে ঘৰলৈ মহিলাগৰাকীক লৈ আনে স্বামীয়ে। 

শেহতীয়াকৈ অইন দিনাৰ দৰে ভাৰাঘৰৰ পৰা ওলাই গৈ সম্পৰ্কীয় ৰামেশ্বৰ তাঁতিৰ ঘৰত আছিল লোকজনৰ পত্নী । মঙলবাৰে পুৱা স্বামীয়ে পত্নীক লগ কৰিবলৈ গৈ লগ কৰিব নোৱাৰাত গেটৰ সন্মুখতে পিন্ধি থকা গেঞ্জীৰে চিপ লৈ আত্মহত্যা কৰে। 

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ লগতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক:Crime news : নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত, মাটি খান্দি উদ্ধাৰ সোণৰ গহনা

ABOUT THE AUTHOR

...view details