অসম

assam

হোজাইত বাৰ্মিজ চুপাৰীসহ দুজনক আটক

By

Published : Apr 10, 2023, 10:11 PM IST

ETV Bharat / videos

Burmese Supari seized: হোজাইত পিষ্টল, সক্ৰিয় গুলীসহ আটক বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী

হোজাই, ১০ এপ্ৰিল: বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অব্যাহত আছে হোজাই আৰক্ষীৰ অভিযান । পুনৰ হোজাই আৰক্ষীয়ে অভিযান চলাই হোজাইৰ লংকাত জব্দ কৰে বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী । লগতে বাৰ্মিজ চুপাৰী সৰবৰাহৰে জৰিতৰ সন্দেহত আটক কৰে দুজনক (Man arrested with illegal Burmese supari in Hojai) । ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ০.৩২ এম এম পিষ্টল, এটা মেগজিন আৰু ৮ জাঁই সক্ৰিয় গুলী (Arms recovered in Hojai) ।  

জানিবপৰা মতে, যোৱা ৭ এপ্রিল তাৰিখে নিশা বদৰ উদ্দিন নামৰ এজন গাড়ী চালকে এল পি ট্ৰাকত মুৰুলী বাঁহেৰে ধাকি শিলচৰৰ পৰা আনিছিল বাৰ্মিছ চুপাৰীখিনি । তেনেসময়তে একাংশ লোকে চুপাৰী সংক্রান্তত লংকাৰ নখুটিত মাৰপিট কৰিব বিচাৰিছিল বদৰউদ্দিনক । পিচত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ বদৰ উদ্দিন সহ আজাৰ উদ্দিনক উদ্ধাৰ কৰি থানালৈ লৈ আহে (Police seized Burmese supari) ।

পৰৱৰ্তী সময়ত লংকা আৰক্ষী থানাত বদৰ উদ্দিনে দাখিল কৰা এজাহাৰৰ ভিত্তিত লংকা আৰক্ষীয়ে অভিযান চলাই আটক কৰে আব্দুল বাতিন আৰু আছাৱ উদ্দিনক আটক কৰে । ইফালে গাড়ী চালক বদৰ উদ্দিনৰ স্বীকাৰ উক্তিৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে ওৰেটো নিশা অভিযান চলাই নখুটীৰ ২নং খাগৰিজানৰ পথাৰৰ মাজৰ এটি গৃহৰ পৰা ৬৮ বেগ বাৰ্মিছ চুপাৰী জব্দ কৰে (Burmese Supari seized) । ঘটনা সন্দৰ্ভত বৰ্তমানো অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱাৰাই । 

লগতে পঢ়ক:Advanced Hotels booking in Guwahati : ৰঙালী বিহুৰ কেইদিনত গুৱাহাটীলৈ আহিলে নাপাব পাৰে হোটেলৰ কোঠা !

ABOUT THE AUTHOR

...view details