Guwahati Molestation Case: ৰাজপথত যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা কৰি আৰক্ষীৰ জালত মেহবুব
এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগত নুনমাটি আৰক্ষীৰ(Noonmati Police Station) জালত পৰিছে এটা লম্পট । ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নলবাৰী মুকলমুবা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে মেহবুব আহমেদ (২৬)নামৰ লম্পটটোক । আৰক্ষী সূত্ৰে জানিব পৰামতে লম্পট মেহবুব আহমেদে পাথৰকুৱাৰীৰ ৰাজপথত এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল (Molestation in Guwahati) । পিছত যুৱতীগৰাকীয়ে আত্মৰক্ষাৰ বাবে চিঞৰি দিয়াত কোনোমতে যুৱকজনৰ কবলৰ পৰা ৰক্ষা পৰে । ইফালে ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৪১/৩৪২/৩৫৪(b) নং ধাৰাৰ অধীনত থানাত ৩০০/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ।
Last Updated : Feb 3, 2023, 8:25 PM IST