অসম

assam

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মাজুলীৰ মূখাশিল্প

By

Published : Feb 20, 2023, 2:59 PM IST

ETV Bharat / videos

International Hand Fair: ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মাজুলীৰ মুখাশিল্প

মাজুলী, ২০ ফ্ৰেব্ৰুৱাৰী:অসমীয়া কলা-সংস্কৃতিৰ অনবদ্য সৃষ্টি মাজুলীৰ মুখাশিল্প (Mask art of Majuli) ৷ সাধাৰণতে ভাওনা সংস্কৃতিৰ সৈতে জড়িত এই মুখাশিল্প । সত্ৰপীঠ মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত । মাজুলীৰ মুখাশিল্পীসকলে নিজ হাতেৰে নিৰ্মাণ কৰে মৎস্য, কুৰ্ম, নৰসিংহ, বৰাহ, হাতী, সৰ্প আদি অজস্ৰ মুখা । এইবাৰ বহিঃৰাজ্যত বহুলভাৱে সমাদৃত হৈছে মাজুলীৰ মুখাশিল্প । 

হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ সুৰজকুন্দ মেলাত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় হস্ত মেলা (International Hand Fair in Haryana) । হাৰিয়ানাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত মাজুলীৰ মুখা শিল্পৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেলা কৰ্তৃপক্ষই (Majuli mask art showcased at international exhibition) । হস্তনিৰ্মিত কাৰুকাৰ্যৰ শিল্প কলাৰ প্ৰদৰ্শনীৰ বাবে যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা ১৫ দিনিয়াকৈ অনুষ্ঠিত হৈছিল এই আন্তঃৰাষ্ট্ৰীয় হস্ত মেলা । ৩৬ সংখ্যক সুৰজকুন্দ মেলাত এইবাৰো দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছে । 

মেলাত হস্ত নিৰ্মিত বিভিন্ন সামগ্ৰী, হস্ত-তাঁতৰ সামগ্ৰী প্ৰদৰ্শিত হৈছে । উক্ত মেলাতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষৰ সৃষ্ট মাজুলীৰ গৌৰৱ মুখাশিল্পৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । গুৰুজনাৰ সৃষ্টি এই মুখা শিল্প বিশ্ব দৰবাৰত তুলি ধৰাৰ এক বিশেষ সুযোগ বুলি বিবেচিত হৈছে এই মেলা । মাজুলীৰ ঐতিহাসিক নতুন চামগুৰি সত্ৰৰ মুখাশিল্পী ধীৰেন গোস্বামীৰ নেতৃত্বত যোৱা মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ দলটোৱে কয় যে, গুৰুজনাৰ সৃষ্টি মুখা শিল্পক আন্তঃৰাষ্ট্ৰীয় এখন মেলাত প্ৰদৰ্শনৰ এই সুবিধাই তেওঁলোকক আনন্দিত কৰাই নহয় তেওঁলোকক যথেষ্ট উপকৃত কৰিছে । 

লগতে তেওঁলোকে কয় যে, চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰৰ এই চাৰিজনীয়া দলটোৱে প্ৰদৰ্শন কৰা মুখাই যথেষ্ট পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । পৰ্যটকে মুখা প্ৰদৰ্শনীত যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয় । 

লগতে পঢ়ক:Beautiful view of Kaziranga: ফাগুন নমাৰ সমান্তৰালকৈ কাজিৰঙালৈ সোঁত বৈছে দেশী বিদেশী বহু পৰ্যটকৰ

ABOUT THE AUTHOR

...view details