Majuli youth missing: অন্ধপ্ৰদেশত নিৰুদ্দেশ মাজুলীৰ যুৱক - অন্ধপ্ৰদেশত নিৰুদ্দেশ মাজুলীৰ যুৱক
মাজুলী ,৬ মাৰ্চ:মাজুলী আৰক্ষী থানাৰ অন্তৰ্গত ওপৰ সোণোৱাল গাঁৱৰ কেশৱ চিন্তে আৰু নামপেতি চিন্তেৰ পুত্ৰ লালু চিন্তে কর্ম সংস্থাপন বিচাৰি অসমৰ বাহিৰলৈ ওলাই যোৱাৰ পাচৰে পৰাই সন্ধানহীন হৈ আছে (Majuli youth missing at Rajmandir Station in Andra Pradesh) । যোৱা ২৪ ফেব্ৰুৱাৰী তাৰিখে কামৰ সন্ধানত জিতুল পগাগৰ নেতৃত্বত এটা পাঁচজনীয়া দলে ঘৰৰ পৰা ওলাই গৈছিল অন্ধপ্ৰদেশলৈ । কিন্তু বিবাহিত যুৱক লালু চিন্তেই অন্ধপ্ৰদেশ পোৱাৰ পাচতেই সন্ধানহীন হয় ।
যোৱা ২৬ ফেব্ৰুৱাৰীত তেওঁ অন্ধপ্ৰদেশত প্ৰৱেশ কৰে যদিও সেইদিনাই ৰাজ্যখনৰ বিজয়পুৰ ৰেলৱে ষ্টেচনৰ পৰা ৰাজমন্দিৰ ষ্টেচনলৈ যোৱাৰ সময়ত ৰাজমন্দিৰ ষ্টেচনত লালু চিন্তে সন্ধানহীন হৈ পৰে । জানিব পৰা মতে, ম'বাইল এটাও লগত নথকা লালুৰ যাৱতীয় নতী-পত্ৰসমূহো তেওঁৰ শালপতি জিতুল পগাগৰ হাতত থাকি যায় । ইফালে, লালুৱে হিন্দী ভাষাও বুজি নাপায় ।
আজি পাঁচদিনলৈকে লালুৰ একো খা-খবৰ নাপাই পৰিয়ালৰ লোক শোকত ভাগি পৰিছে । পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী লালুৰ সন্ধানহীনে পৰিয়ালটোৰ লগতে দুটিকৈ কণমানি শিশুৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই আনিছে । ইফালে, পৰিয়ালৰ লোকে স্থানীয় থানাত খবৰ দিছে যদিও এতিয়ালৈকে লালুৰ একো খবৰ লাভ কৰা নাই । এতিয়া উপায়বিহীন হৈ পৰিয়াল তথা স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ।
লগতে পঢ়ক:Local holiday in Barpeta : দৌল মহোৎসৱ উপলক্ষে ৯ মাৰ্চত বৰপেটা জিলাত স্থানীয় বন্ধ