উত্তৰ কমলাবাৰী সত্ৰৰ ৩৫০ বছৰীয়া গৌৰৱোজ্বল ৰাসৰ প্ৰস্তুতি - Majuli Raasleela 2023
Published : Nov 23, 2023, 6:13 PM IST
মাজুলী, ২৩ নৱেম্বৰ : মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন । ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰনগৰী মাজুলীত । খোল-তাল, বাঁহীৰ সুৰ, কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে সত্ৰনগৰী মাজুলীৰ আকাশ বতাহ । মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্দ্ধ শতাধিক ৰংগমঞ্চ সাজু হৈ উঠিছে এই ৰাস মহোৎসৱ ভাগি উদযাপনৰ বাবে ।
ৰাসৰ এই সময়ছোৱাত সত্ৰনগৰী মাজুলী পৰ্যৱশিত হ’ব দ্বিতীয় বৃন্দাবনলৈ । ৰাস উদযাপনৰ বাবে সাজু হৈছে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰও । উত্তৰ কমলাবাৰী সত্ৰ সাজু হৈছে ৩৫০ বছৰীয়া গৌৰৱোজ্জ্বল ৰাস উদযাপনৰ বাবে । ২৬ তাৰিখে পুৱা মাজুলীৰ সমূহ ৰাস মঞ্চৰ প্ৰতিনিধি, দল-সংগঠন, বিশিষ্ট ব্যক্তিসকলে ৩৫০ খন পতাকা ঐতিহাসিক সত্ৰখনৰ প্ৰাংগণত উত্তোলন কৰিব ৷
জানিব পৰা মতে, প্ৰথম নিশা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, ২৮ তাৰিখে সত্ৰখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাস উপভোগ কৰিব । প্ৰতি দিনেই দর্শনাৰ্থীৰ বাবে থাকিব খাদ্য ব্যৱস্থাও ।
লগতে পঢ়ক :ৰাস মহোৎসৱত চামগুৰি সত্ৰৰ মুখাই আকৰ্ষণ কৰিব দৰ্শকক