অসম

assam

4 দিনে বন্ধ হৈ আছে মাজুলী নিমাতী ফেৰী সেৱা

ETV Bharat / videos

Majuli Ferry Service:4 দিনে বন্ধ হৈ আছে মাজুলী-নিমাতী ফেৰী সেৱা, ব্ৰহ্মপুত্ৰই শেষ ভৰসা - Majuli Ferry Service Close

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:43 PM IST

মাজুলী,30 আগষ্ট: বিগত চাৰিটা দিনে মাজুলী-যোৰহাটৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ পোৱাৰ বাবে মাজুলী-নিমাতী ফেৰী সেৱা ব্যাহত হৈ পৰিছিল ৷ বৰ্তমান কিছু পৰিমাণে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে যদিও ব্যাহত হৈ আছে ফেৰী সেৱা ৷ যি সময়ত চন্দ্ৰযান গৈ চন্দ্ৰত অৱতৰণ কৰিছে সেই সময়তে ৰেম্পৰ অভাৱৰ বাবে আজিও আভ্যন্তৰীণ জল পৰিবহন বিভাগে চলাব পৰা নাই ফেৰীসমূহ ৷ ফলত বিগত 4 দিন ধৰি দক্ষিণ পাৰৰ লগত সংযোগ বিচ্ছিন্ন হৈ আছে মাজুলীৰ ৷

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ফেৰী ৰখোৱা ৰেম্পসমূহ বুৰাই পেলোৱা বাবে বন্ধ হৈ আছে মাজুলী-নিমাতী ফেৰী সেৱা ৷ ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগেই পৰিয়াল পোহপাল দিয়াটো বাধা আহি পৰিছে ফেৰী ঘাটত দোকান বজাৰ দিয়া লোকৰ । আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে বৃহস্পতিবাৰৰ পৰা ফেৰী চলাচল কৰাৰ সম্ভাৱনা আছে ৷ 

লগতে পঢ়ক:Assam flood 2023: চকুৰ পচাৰতে বানত উটি গ’ল ভকত চাপৰি সংযোগী কাঠৰ দলং 

ABOUT THE AUTHOR

...view details