Majuli Nimati ferry service : বিপদসংকুলভাৱে 108 এম্বুলেঞ্চৰ যাত্ৰা
মাজুলী, 16 জুন :ভয়াৱহভাৱে বৃদ্ধি পাইছে মাজুলীতব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ।যাৰ ফলত সমস্যাত পৰিছে লোকসকল ৷ আনকি নিৰাপত্তাৰ দিশলৈ লক্ষ্য ৰাখি জল পৰিবহণ বিভাগে বন্ধ কৰি দিছে মাজুলী নিমাতীৰ মাজত চলাচল কৰা এক ইঞ্জিন যুক্ত ফেৰীৰ চলাচল ৷ মাত্র চৰকাৰী ফেৰীবোৰহে চলি আছে বুলি জানিবলৈ পৰা গৈছে ৷
ফেৰীৰ চলাচল বন্ধ কৰি দিয়াৰ ফলত সাধাৰণ লোকৰ লগতে ৰোগীসকলৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ 108 সেৱাৰ যোগেদি বিপদসংকুলভাৱে ৰোগীক যোৰহাটলৈ লৈ যোৱা হৈছে । ইয়ে সমস্যাত পেলাইছে ৰোগীৰ লগতে ৰোগীৰ পৰিয়ালক ৷
ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগেই বিভিন্ন সমস্যা দেখা দিয়াৰ লগতে মাজুলীৰ জনসাধাৰণৰ মাজত এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক :Golai road accident : ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চাৰি, চিকিৎসাধীন এজন