Majuli News: মাজুলীৰ নামঘৰে নামঘৰে বিধায়ক ভূৱন গামৰ পত্নী; ৰাইজৰ মংগলৰ বাবে সেৱা
Published : Sep 12, 2023, 4:11 PM IST
মাজুলী, 12 ছেপ্টেম্বৰ: এতিয়া পৱিত্ৰ ভাদ মাহ ৷ সত্ৰ নগৰী মাজুলীৰ 36 খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত চলিছে ভাদ মহীয়া নাম কীৰ্ত্তন ৷ এক কথাত ক’বলৈ গ’লে ভক্তি ৰসত বিলীন হৈছে সত্ৰ নগৰী মাজুলী ৷ পৱিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক, মন্ত্ৰী, দলীয় কৰ্মীক নামঘৰত গৈ সেৱা লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ সেই নিৰ্দেশ অনুসৰি মাজুলীৰ বিধায়ক ভূৱন গামৰ পত্নীক দেখা গ’ল মাজুলীৰ নামঘৰত ৷ মাজুলীৰ নামঘৰত নাম গোৱা দেখা গ’ল মাজুলীৰ বিধায়কগৰাকীৰ পত্নীক ৷ মাজুলীবাসীৰ ৰাইজৰ মংগল কামনা কৰাৰ লগতে বিধায়কগৰাকীয়ে যাতে ৰাইজৰ হকে কাম কৰি যাব পাৰে তাৰ বাবে সেৱা লোৱা বুলি জনাই সাংবাদিকৰ আগত উল্লেখ কৰে পত্নীয়ে ।
লগতে পঢ়ক:Jugundhari Namghar in Majuli: যুগুনধাৰী নামঘৰত বিধায়ক ভুৱন গামৰ সেৱা