অসম

assam

ভনীমাই দত্ত বৰাৰ গৃহত উপস্থিত বিধায়ক ভুৱন গাম

By

Published : Jun 2, 2023, 8:17 AM IST

ETV Bharat / videos

Bhuban Gam visits Bhanimai Dutta Bora home : ভনীমাইক সকলো ধৰণৰ সহায়ৰ আশ্বাস বিধায়ক ভুৱন গামৰ

মাজুলী, ২ জুন :ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ...দক্ষিণপাট কলিতা গাঁৱৰ ভনীমাই দত্ত বৰাৰ গৃহত উপস্থিত বিধায়ক ভুৱন গাম (Majuli MLA visits Bhanimai Dutta Bora home) ৷ ভনীমাই দত্ত বৰাই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷ স্বামীৰ চাকৰিতো ঘূৰাই পোৱাৰ আশাতে তেওঁ এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিছিল ৩৫ বছৰ বয়সত ৷ ভনীমাইয়ে ৩৫ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ কথাই সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল (Bhanimai Dutta Bora passed HSLC at the age of 35) ।

৩৫ বছৰ বয়সত পৰীক্ষাত বহাৰো আছিল এটা কাহিনী । দুবছৰ পূৰ্বে স্বামী নিৰুদ্দেশ হোৱাৰ পাচত ৰোগীয়া শাহু আৰু কণমানি কন্যা সন্তানক লৈ অকলেই পৰিয়াল চলাই আছিল ভনীমাইয়ে । ৩৫ বছৰ বয়সত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত কান্দোনত ভাঙি পৰিছিল তেওঁ । স্বামী নিৰুদ্দেশ হোৱাৰ পাচৰ পৰাই তেওঁৰ পৰিয়ালতো পোহপাল দিবৰ বাবে বৰাই ৰোগীয়া শাহু আৰু কন্যাক ঘৰত এৰি যোৰহাটত এটি NGO ত ৰান্ধনী হিচাপে কাম কৰিছিল ।

এই বাতৰি যোৱা ২৮ মে’ তাৰিখে আমি ETV bharat ত প্ৰকাশ কৰিছিলো ৷  ইয়াৰ পাচতে ১ জুনত বিধায়ক ভুৱন গাম উপস্থিত হয় ভনীমাই দত্ত বৰাৰ বাসগৃহত (Bhuban Gam visits Bhanimai Dutta Bora home) । যি ধৰণে পাৰি সেইধৰণ পৰিয়ালটিক সহায় কৰাৰ আশ্বাস দিয়ে বিধায়ক ভুৱন গামে । লগতে আৰক্ষী লোকক ঘৰলৈ মাতি আনি গোচৰ সম্পৰ্কত বুজ লোৱাৰ লগতে পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক :Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব ‘ধাৰা’ শীৰ্ষক ৰাষ্ট্ৰীয় কৃষি সন্মিলন

ABOUT THE AUTHOR

...view details