অসম

assam

Rahul Gandhi majuli visit

ETV Bharat / videos

ৰাহুলক মাজুলীলৈ কটাক্ষভৰা স্বাগতম গামৰ - Congress rally

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:47 PM IST

মাজুলী, 8 ডিচেম্বৰ: অহা 19 জানুৱাৰীত মাজুলীলৈ আহিব ৰাহুল গান্ধী । কংগ্ৰেছৰ ভাৰত ন্যায় জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে সত্ৰ ভ্ৰমণৰ বাবে মাজুলীলৈ আহিব ৰাহুল গান্ধী । মাজুলীলৈ ৰাহুল গান্ধীৰ আগমনক লৈ বিধায়ক ভুবন গামে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । বিধায়ক গামে কয় মাজুলীলৈ ৰাহুল গান্ধীক স্বাগতম ৷ কিন্তু তেওঁ আহিলেও মানুহ নাপাই, কিয়নো মাজুলীত কংগ্ৰেছ দলৰ মানুহ নাই ।

বিধায়কগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত মাজুলীত যে একো কাম কৰা নাছিল, কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত মাজুলীখনক যে সোণৰ মাজুলী হিচাপে গঢ় দিলে তাক চাবলৈ ৰাহুল গান্ধীক আদৰণি জনাইছো। ৰাহুল গান্ধীয়ে মাজুলীলৈ আহি যিমান যি কাৰ্যসূচী গ্ৰহণ কৰিলেও মানুহ নাপায়, বৰঞ্চ খালি মুখ লৈ মাজুলীৰ পৰা উভতি যাব লাগিব বুলি মন্তব্য বিধায়কগৰাকীৰ । 

লগতে পঢ়ক:ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ বিজেপি শংকিত হৈছে : গৌৰৱ‌ গগৈ

ABOUT THE AUTHOR

...view details