অসম

assam

মাজুলীৰ বিধায়ক ভুৱন গাম

By

Published : Feb 16, 2023, 9:18 PM IST

ETV Bharat / videos

PMAY scheme: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্ম‍াণ নকৰিলে খাটিব লাগিব ২ বছৰ জেল !

মাজুলী, ১৬ ফেব্ৰুৱাৰী :প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীলৈ কঠোৰ নিৰ্দেশ মাজুলীৰ বিধায়ক ভুৱন গামৰ (Majuli MLA Bhuban Gam) ৷ আৱাস যোজনাৰ গৃহ নিৰ্ম‍াণ নকৰিলে খাটিব লাগিব ২ বছৰ জেল ৷ উল্লেখ্য যে, প্ৰধানমন্ত্রী আৱাস যোজনাৰ (গ্ৰ‍ামীণ) অধীনত ৰাজ্যৰ ৩.৮ লাখ হিতাধিকাৰীলৈ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন মুকলি কৰা হয় । ইয়াৰ যোগেদি প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ ৩২,৫০০ টকা প্ৰদান কৰা হ'ব (Pradhan Mantri Awas Yojana) ।

মাজুলীতো প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ (Pradhan Mantri Adarsh Gram Yojana) অধীনত ৫১৪০ হিতাধিকাৰীৰ মাজত গৃহ অনুমোদন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । মাজুলী সমষ্টি বিধায়ক ভুবন গামে হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰে গৃহ অনুমোদন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি ৷ হিতাধিকাৰীসকলৰ মাজত গৃহ অনুমোদন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজিৰ চেক বিতৰণ কৰি বিধায়ক ভুৱন গামে সকলো হিতাধিকাৰীকে সুন্দৰকৈ গৃহ নিৰ্মাণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:Piyush Hazarika in Nagaon: মাটিৰ নথি পত্ৰ নথকা পৰিয়াল উচ্ছেদ কৰাতো বেআইনী নহয়; পীয়ূষ হাজৰীকা

কোনেও যাতে গৃহ নিৰ্মাণৰ ধন অপব্যয় নকৰে তাৰ প্ৰতিও সকলোকে আহ্বান জনায় বিধায়কগৰাকীয়ে । চৰকাৰে গৃহ নিৰ্মাণৰ বাবে আগবঢ়োৱা এই ধন কোনোবাই যদি অপব্যয় কৰে তথা গৃহ নিৰ্মাণ নকৰাকৈ থাকে তেতিয়া সেইসকল হিতাধিকাৰীক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি দুবছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব বুলি ভুৱন গামে কয় । তেওঁ লগতে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় (Bhuban Gam disburses funds to PMAY beneficiaries) ।

উল্লেখ্য যে, এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীয়ে ১.৩০ লাখ টকাৰ নগদ ধনৰ লগতে এনৰেগাৰ অধীনত ২১ হাজাৰ টকাসহ মুঠ ১.৫১ লাখ টকা লাভ কৰিব । প্ৰথম কিস্তিৰ ধন ব্যয় কৰাৰ পাচত দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব ।

লগতে পঢ়ক:Beneficiary wise funds released: ৰাজ্যৰ তিনি লক্ষাধিক হিতাধিকাৰীলৈ পিএমএৱাইৰ প্ৰথম কিস্তিৰ ধন মুকলি

ABOUT THE AUTHOR

...view details