অসম

assam

মাজুলী লখিমপুৰৰ যোগাযোগ ব্যৱস্থা

By

Published : May 4, 2023, 8:26 PM IST

ETV Bharat / videos

Poor bridge condition: যিকোনো মুহূৰ্ততে বন্ধ হ’ব পাৰে মাজুলী লখিমপুৰৰ যোগাযোগ ব্যৱস্থা

মাজুলী, 4 মে’ : যিকোনো মুহূৰ্ততে বন্ধ হ’ব পাৰে মাজুলী-লখিমপুৰৰ মাজৰ যোগাযোগ ব্যৱস্থা । লুইত নদীৰ ওপৰত নিৰ্মাণ কৰা ৩ কোটি টকীয়া কাঠৰ দলঙৰ অৱস্থা অতি সংকটজনক । লুইত নদীৰ ওপৰত নিৰ্মিত ৩০০ মিটাৰ দীঘল দলংখন যিকোনো মুহূৰ্ততে বানত উটি যোৱাৰ উপক্ৰম ঘটিছে (Majuli Lakhimpur communication may be interrupted ) ।

নিৰ্মাণ কৰাৰ তিনি বছৰৰ পাচতে হাউলি গৈছে দলংখন । পচি গৈছে দলংখনত লগোৱা কাঠ সমূহ আৰু এফালৰ পৰা ভাগি আহিছে দলংখন । মাজুলী আৰু লক্ষিমপুৰ এই দুই জিলাক সংযোগ কৰা দলংখনে লৈছে ভয়ংকৰ ৰূপ । আতংকিত লুইত খাবলুৰ ৰাইজ আৰু মাজুলীবাসী । ঠিকাদাৰৰ চূড়ান্ত দুৰ্নীতি আৰু লুণ্ঠনৰ বাবেই আজি এই দশা দলংখনৰ । 

যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা । দলংখন দুৰ্বল হোৱাৰ বাবেই এতিয়া পাৰাপাৰ কৰিবলৈ অহা যাত্ৰী সকলো সমস্যাত পৰা দেখা গৈছে । দুৰ্বল দলংখনৰ বাবে ৰোগী এজন ইপাৰ শিপাৰ কৰিবলৈয়ো চিন্তাত পৰিছে দুই জিলাৰ লোক । যদিও চৰকাৰে স্বচ্ছভাৱে সকলো কাম কৰাৰ কথা মেলে মিটিঙে গাই ফুৰে, কিন্তু দুবছৰতে ভাগি যোৱা এই দলংখনেই দেখুৱাইছে চৰকাৰৰ কাম কিমান স্বচ্ছভাৱে হৈছে (Majuli Lakhimpur poor bridge condition) ।

লগতে পঢ়ক :Horrific road accident: নিয়ন্ত্ৰণহীন টেংকাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে 9 জনে, আহত 3 জন

ABOUT THE AUTHOR

...view details