অসম

assam

ETV Bharat / videos

Poor health system in Majuli : তেজস্বিতাৰ পাছত এইবাৰ আদিত্য, হাস্পতাল একেখনেই - তেজস্বিতাৰ পাছত এইবাৰ আদিত্য

By

Published : Oct 19, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

পুনৰ বিতৰ্কত মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় (Majuli civil hospital controversy)। তেজস্বিতাৰ মৃত্যুৰ (Tejaswita death controversy) পাছত এইবাৰ আন এগৰাকী ৩৫ বছৰীয়া লোকৰ মৃত্যুক লৈ উত্তাল মাজুলী । হাস্পতালখনত চিকিৎসাধীন অৱস্থাত মৃত্যু আদিত্য পায়েং নামৰ লোকজনৰ (Aditya Payeng dead case)। তেওঁৰ মৃত্যুৰ লগে লগে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শোকত ভাগি পৰিছে লোকজনৰ পৰিয়াল তথা আত্মীয় । জানিব পৰা মতে হঠাৎ সামান্য বুকুখন বিষাইছে বুলি কোৱাত গড়মূৰৰ পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয় অনা হৈছিল কাৰ্কিচুকৰ আদিত্যক । কিন্তু চিকিৎসালয়তে মৃত্যু হয় আদিত্যৰ । আদিত্যৰ পৰিয়ালৰ অভিযোগ অনুসৰি উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই মৃত্যু হৈছে আদিত্যৰ (One dead due to negligence of hospital authorities)। ইফালে তেজস্বিতাৰ পাছত পুনৰ হাস্পতালখনত এনেদৰে লোকজনে অকাল মৃত্যুক সাৱটিব লগীয়া হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বহুতে হাস্পতাল কৰ্তৃপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details