অসম

assam

কামেশ্বৰী আই থানত আধ্যাত্মিক পৰিৱেশ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 4:54 PM IST

Updated : Oct 22, 2023, 7:25 PM IST

ETV Bharat / videos

Mahashtami Puja in Dhemaji: ধেমাজিৰ ঐতিহ্যমণ্ডিত কামেশ্বৰী আই থানত আধ্যাত্মিক পৰিৱেশ

ধেমাজি, 22 অক্টোবৰ : আজি মহা অষ্টমী । ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে ধেমাজিতো দেখা গৈছে পূজা মণ্ডপসমূহত ভক্তৰ ভিৰ ৷ ইয়াৰ মাজতে কিছু ব্যতিক্ৰমী পৰিৱেশ দেখা গ’ল শ্ৰী শ্ৰী আই কামেশ্বৰী থানত ৷ শাৰদীয় দুৰ্গা পূজাৰ মহা অষ্টমীৰ দিনটোত হাহঁ, পাৰ, ছাগলী, শৰাই লৈ পুৱা ভাগৰে পৰা অগনন ভক্তই ভিৰ কৰা পৰিলক্ষিত হ’ল ধেমাজিৰ বঙালমাৰীস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আই কামেশ্বৰী থানত ৷ উল্লেখ্য যে, থানখনত বৃহত্তৰ অঞ্চলটোৰ দহ-বাৰখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আঞ্চলিকভিত্তিত দুৰ্গা পূজা উদযাপন কৰি আহিছে ৷ উক্ত দুৰ্গা পূজা এইবেলি ৬৪ বছৰত উপনীত হৈছে ৷ লোক বিশ্বাস অনুসৰি আই কামেশ্বৰী থানৰ পূজাত নৈবদ্য আগবঢ়াই দুৰ্গা দেৱীৰ চৰণত শৰণ ল’লে ভক্তসকলৰ মনোকামনা পূৰ্ণ হয় ৷

লগতে পঢ়ক:Mahashtami Puja at Teok: মহাষ্টমী উপলক্ষে জাঁজী হাঁহচৰা সাৰ্বজনীন দুৰ্গোৎসৱস্থলীত অগণন ভক্তৰ সমাৱেশ

Last Updated : Oct 22, 2023, 7:25 PM IST

ABOUT THE AUTHOR

...view details