অসম

assam

শিৱৰাত্ৰি উপলক্ষে লখিমপুৰৰ মন্দিৰে মন্দিৰে ভক্তৰ ভিৰ

ETV Bharat / videos

Maha shivratri 2023: শিৱৰাত্ৰি উপলক্ষে লখিমপুৰত মন্দিৰে মন্দিৰে ভক্তৰ লানি নিছিগা সোঁত

By

Published : Feb 18, 2023, 2:08 PM IST

লখিমপুৰ, ১৮ ফেব্ৰুৱাৰী:সমগ্ৰ দেশৰ লগতে আজি অসমতো উলহ-মালহেৰে পালন কৰা হৈছে মহা শিৱৰাত্ৰি (Maha shivratri 2023 celebrated in Assam)  ৷ ৰাজ্যৰ চৌদিশে আজি কেৱল শিৱ বন্দনাৰে মুখৰিত হোৱা দেখিবলৈ পোৱা গৈছে । শিৱৰাত্ৰি উপলক্ষে মন্দিৰে মন্দিৰে ভক্তই বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । 

একেই পৰিৱেশলখিমপুৰতো দেখিবলৈ পোৱা গৈছে । লখিমপুৰৰ নীলকণ্ঠেশ্বৰ মন্দিৰতো আজি সাৰ্বজনীনভাৱে পালন কৰা হৈছে মহা শিৱৰাত্ৰি (Maha shivratri 2023 celebrated in Lakhimpur) ৷ জিলাখনৰনগৰ এলেকাৰ মন্দিৰ সমূহত ধূপ দ্বীপ নৈবেদ্য আগবঢ়াই ভক্তই ভগৱান শিৱৰ আশীষ কামনা কৰে । মহা শিৱৰাত্ৰি উপলক্ষে লখিমপুৰৰ প্ৰতিটো শিৱ মন্দিৰতে ভক্তৰ বিৰ দি বাট নোপোৱা পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় ।

মহা শিৱৰাত্ৰি উপলক্ষে লখিমপুৰ জিলাৰ নগৰ আৰু দাঁতি কাষৰীয়া প্ৰতিটো শিৱ মন্দিৰ, থান আদিত ভক্তৰ লানি নিছিগা সোঁত দেখিবলৈ পোৱা গৈছে । অৱশ্যে লখিমপুৰ নগৰ এলেকাৰ খেলমাটিৰ নীলকণ্ঠেশ্বৰ মন্দিৰত সৰ্বাধিক ভিৰ পৰিলক্ষিত হয় । ভিৰ নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীৰ উপৰি অৰ্ধ সামৰিক বাহিনীও নিয়োগ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে নীলকণ্ঠেশ্বৰ মন্দিৰ চৌহদত । 

নিজৰ নিজৰ মনোবাঞ্চা পূৰণৰ অৰ্থে সকলোৱে মহাদেৱ ভোলানাথৰ আশীষ বিচাৰি তেখেতৰ চৰণত নৈবেদ্য অৰ্পণ কৰাৰ লগতে মন্দিৰে মন্দিৰে ভিৰ কৰিছে ভক্তই । শণিবাৰৰ পৰা আৰম্ভ হোৱা এই পূজা কাইলৈ বিয়লিহে অন্ত পৰিব বুলি উদ্যেক্তা সকলে জানিবলৈ দিয়ে । মহা শিৱৰাত্ৰি সৈতে সংগতি ৰাখি এইবাৰ লখিমপুৰ জিলাৰ খেলমাটিৰ নীলকণ্ঠেশ্বৰ মন্দিৰত আয়োজন কৰা হৈছে মহা মৃত্যুঞ্জয় যজ্ঞৰো । বিগত বছৰৰ তুলনাত এইবাৰ ভক্তৰ ভিৰ অধিক হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে । 

তাৰোপৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত পূজাৰ মাদকতা অধিক বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে । ভক্তপ্ৰাণ ৰাইজ আধ্যাত্মিক ভাৱত নিমজ্জিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :Shah Alam killed in encounter : আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত

For All Latest Updates

ABOUT THE AUTHOR

...view details