Maghi Purnima 2023: ভড়ালী নামঘৰত বাপীৰাম দেউৰ আজোনাতি মন্ত্ৰী কেশৱ মহন্তৰ সেৱা - বিৰ দি বাট নোপোৱা
কলিয়াবৰ, 5 ফেব্ৰুৱাৰী : আজি পৱিত্ৰ মাঘী পূৰ্ণিমা (Maghi purnima 2023) ৷ অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্ততো মাঘ মাহৰ পূৰ্ণিমা তিথিত উলহ-মালহেৰে উদযাপন কৰা হয় মাঘী পূৰ্ণিমা ৷ মাঘী পুৰ্ণিমা উপলক্ষে দেওবাৰে ৰাজ্যৰ বিভিন্ন নামঘৰ-সত্ৰত দেখা হৈছে ভক্তপ্ৰাণ ৰাইজৰ সমাগম ৷
কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰৰ (Bharali Namghar) প্ৰধান উৎসৱ হৈছে মাঘী পূৰ্ণিমা ৷ প্ৰত্যেক বছৰেই মাঘী পূৰ্ণিমাত ঐতিহাসিক ভড়ালী নামঘৰত দেখা যায় ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা শাৰী ৷ ব্যতিক্ৰম নহয় এইবেলিও ৷ এইবেলিও দুদিনীয়া কাৰ্যসূচীৰে ভড়ালী নামঘৰত পালন কৰা হৈছে মাঘী পূৰ্ণিমা (Maghi purnima at Bharali Namghar) ৷ যাৰ বাবে দেওবাৰে পুৱাৰে পৰা হাজাৰ-হাজাৰ লোকৰ সমাগমেৰে বিৰ দি বাট নোপোৱা পৰিৱেশ হৈছে ভঁৰালী নামঘৰত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে ভড়ালী নামঘৰ প্ৰাংগণত ৷
ভড়ালী নামঘৰৰ প্ৰতিষ্ঠাতা শ্ৰীশ্ৰীবালিসত্ৰৰ (Balisatra Kaliabor) বাপীৰাম দেউৰ আজোনাতি স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও (Minister Keshab Mahanta) দেওবাৰে নামঘৰত উপস্থিত হৈ আশিস গ্ৰহণ কৰে ৷ সমান্তৰালকৈ নাম-প্ৰসংগ, ভক্তি আৰাধনাৰে মুখৰিত হৈ পৰিছে ভড়ালী নামঘৰৰ আকাশ-বতাহ ৷ ধূপ-নৈব্যদ্য আগবঢ়াই উপস্থিত ৰাইজে মনোকামনা পূৰণৰ অৰ্থে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰা দেখা গৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগমৰে উদুলি-মুদুলি হৈ পৰিছে ভড়ালী নামঘৰ ।
উল্লেখ্য যে, 1594 শকতে স্থাপন হোৱা ভড়ালী নামঘৰত প্ৰত্যেক বছৰেই মাঘী পূৰ্ণিমা পালন কৰি অহা হৈছে ৷ কলিয়াবৰ তথা ভড়ালী গাঁৱৰ নিবাসীসকলৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটে পৱিত্ৰ মাঘী পূৰ্ণিমাৰ কাৰ্যসূচীত ৷ প্ৰায় 1594 শকত বামগাঁৱত (বর্তমান দৌলপুখুৰী বালিসত্ৰ)ৰ বাপুৰাম দেউৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল ।
মানৰ তৃতীয় আক্ৰমণৰ পাছত 1744 শকমানত বালিসত্ৰৰ গোসাঁয়ে বিখ্যাত চতাই আলিৰ কাষত এই নামঘৰ প্ৰতিষ্ঠা কৰি আহোম বিষয়া ভঁৰালী হাজৰিকাৰ হাতত ইয়াৰ পৰিচালনাৰ দায়িত্ব ন্যস্ত কৰে । সেই অনুসৰিয়েই এই নামঘৰৰ নাম ভঁৰালী নামঘৰ আৰু গাঁওখনৰ নাম ভঁৰালী গাঁও হয় বুলি প্ৰবাদ আছে ৷
আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভড়ালী নামঘৰত পালন কৰা মাঘী পূৰ্ণিমা কাৰ্যসূচীৰ কাইলৈ অৰ্থাৎ সোমবাৰে প্ৰদৰ্শন কৰা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা ৷ গোলাঘাটৰ এক ভাওনা দলে প্ৰদৰ্শন কৰিব নৃসিংহ মূৰাৰী নাট ৷
লগতে পঢ়ক:Sonowal Kachari Barmajhiri session: সোণোৱাল কছাৰীৰ বৰমাঝিৰী সঁচৰ অধিৱেশনৰ আজি মুকলি সভা