ভোগৰ ভোগালী; আধুনিকতাৰ ধামখুমীয়াত ক’ত হেৰাল ঢেঁকী - Udalguri Magh Bihu
Published : Jan 10, 2024, 1:47 PM IST
ওদালগুৰি, 10 জানুৱাৰী :মাজত মাথোঁ কেইটামান দিন বাকী; আকৌ আহি পালেহি ভোগৰ উৎসৱ ভোগালী বিহু ৷ ভোগালীক আদৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ পিচ পৰি ৰোৱা নাই ওদালগুৰিবাসীও ৷ ভোগৰ উৎসৱ ভোগালীৰ বাবে ওদালগুৰিবাসী ব্যস্ত হৈ পৰিছে চিৰা, পিঠা, সান্দহ, গৰু বা ম’হৰ দৈ যোগাৰ কৰাত ৷
দৈনিক ব্যস্ততা বাঢ়িছে চিৰা প্ৰস্তুত কৰা মিলসমূহতো ৷ ভোগালীৰ বাবে চিৰা প্ৰস্তুত কৰিবলৈ 15/20 মোন চাউল লৈ প্ৰতিদিনাই কলাইগাঁৱৰ চিৰা মিলত বহু লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ৷ কেতিয়াবা আকৌ চিৰা বনা মানুহৰ সংখ্যা বেছি হ’লে পলমকৈ অহা লোকসকলে উভতি যাব লগাও হৈছে ৷ মুঠৰ ওপৰত সকলোৱে ভোগালীৰ বাবে চলাইছে প্ৰস্তুতি ৷
ভোগালীৰ লগত আছে ঢেঁকীৰ এক সুকীয়া সম্পৰ্ক ৷ ঢেঁকীত প্ৰস্তুত কৰা চিৰা, সান্দহৰ সোৱাদেই কিছু সুকীয়া ৷ কিন্তু আধুনিকতাৰ ধামখুমীয়াত ক’ৰবাত যেন হেৰাই গৈছে অসমীয়াৰ চোতালত থকা ঢেঁকীটো ৷
লগতে পঢ়ক :ৰহাত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত প্ৰায় 50 ফুট উচ্চতাৰ ভেলাঘৰ নিৰ্মাণ