অসম

assam

তেজপুৰত নাম-প্ৰসংগৰ মাজেৰে মেজি জ্বলোৱাৰ পৰম্পৰা ৰক্ষা

ETV Bharat / videos

তেজপুৰত নাম-প্ৰসংগৰ মাজেৰে মেজি জ্বলোৱাৰ পৰম্পৰা ৰক্ষা - Magh Bihu in Tezpur

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 4:28 PM IST

তেজপুৰ, ১৫ জানুৱাৰী :মাঘ বিহুক লৈ ৰাজ্যৰ চৌদিশে ব্য়াপক উছাহ দেখিবলৈ পোৱা গৈছে । উৰুকাৰ নিশা সকলোৱে আনন্দৰে এসাজ খোৱাৰ পিচত অগ্নি দেৱতাক সেৱা জনোৱাৰ উদ্দেশ্যে পুৱাই মেজিৰ ওচৰত একত্ৰিত হয় । তেজপুৰবাসীও ব্যতিক্ৰম নহয় । তেজপুৰৰ বেজৰ চুবুৰীত সকলোৱে পৰম্পৰা অনুসৰি গুৰুজনাৰ নাম লৈ মেজিৰ ওচৰত অগ্নি দেৱতাৰ পূজা অৰ্চনা কৰে ।

পৌৰাণিক ৰীতি-নীতি অনুসৰি জ্যেষ্ঠসকলে মেজিৰ তলত মাহ-প্ৰসাদ আগবঢ়ায় । আনহাতে ডেকা-গাভৰু সকলোৱে মেজিৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু সকলো অপায় অমংগল দূৰ কৰিবলৈ অগ্নি দেৱতাৰ ওচৰত সেৱা লয় । অৱশেষত সকলোৱে নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে মেজি জ্বলায় । জুইৰ তাপত পুহ মাহৰ হাড়-কঁপোৱা শীত আঁতৰাই গা সজীৱ কৰি তোলে সকলোৰে ।

লগতে পঢ়ক :নৈবেদ্য মাহ-প্ৰসাদৰ দি পুৱাই মেজি জ্বলালে ৰাইজে

ABOUT THE AUTHOR

...view details