Vijaya dashami: বৰপেটাৰোডত ব্যাপক আনন্দ উল্লাসৰ মাজেৰে দুৰ্গা দেৱীক বিসৰ্জন - দুৰ্গা পূজা 2023
Published : Oct 24, 2023, 6:16 PM IST
বৰপেটাৰোড, 24 অক্টোবৰ : অন্ত পৰিল দুৰ্গা পূজাৰ ৷ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰোডতো মঙলবাৰে ব্যাপক আনন্দ উল্লাসৰ মাজেৰে দেৱী দুৰ্গাক বিসৰ্জন দিয়া হয় ৷ বিসৰ্জন কাৰ্যসূচী সুকলমে সম্পন্ন হৈ যায় । বৰপেটাৰোড আৰু ইয়াৰ আশে-পাশে থকা প্ৰায় 72 খন পূজা মণ্ডপৰ দেৱী দুৰ্গাক সৰু-বৰ বাহনেৰে কঢ়িয়াই আনি মৰা মানাহত বিসৰ্জন দিয়ে পূজা কমিটীসমূহে ৷
শাৰদীয় দুৰ্গা পূজাৰ বিগত দিন কেইটাত বৰপেটাৰোডত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই । মঙলবাৰে দেৱী বিসৰ্জনৰ দিনাও বৰপেটাৰোডত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে বৰপেটাৰোড আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷ বৰপেটাৰোডৰ আৰক্ষীৰ সহযোগত বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰৰ মৰা মানাহত ভক্তপ্ৰাণ ৰাইজে দেৱী দুৰ্গাক বিসৰ্জন দিয়ে ৷
লগতে পঢ়ক: Ready for Durga immersion : মহানগৰীৰ 8 টাকৈ ঘাটত আৰম্ভ দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া