অসম

assam

আঞ্চলিক দলসমূহক বিৰোধী দলত যোগদান কৰাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ

ETV Bharat / videos

Lurinjyoti Gogoi slams BJP: AJP য়ে কোনোদিনে বিশ্বাসঘাতকতাৰ ৰাজনীতি কৰা নাই; লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi react on regional parties

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 9:06 PM IST

গুৱাহাটী, ৩ নৱেম্বৰ:শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহকৰ সভা । সভাৰ অন্তত বিজেপিক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । ইয়াৰোপৰি অগ‌প, ইউ পি পি এল আৰু বি পি এফক বিজেপিৰ সংগ ত্যাগৰ আহ্বান জনায় AJP ৰ সভাপতিগৰাকীয়ে । তেওঁ অগ‌প , ইউ পি পি এল আৰু বি পি এফক বি জেপিৰ সংগ ত্যাগ কৰি বিৰোধী ঐক্যত যোগদান কৰাৰ বাবে আহ্বান জনায় ।  

‌তেওঁ কয় যে বিজেপিৰ লগত থাকি গণ শক্তিৰ কি হৈছে ৰাইজে দেখিছে । বিজেপিৰ লগত থাকিলে কোনো বাচি নাযায় । ইয়াৰোপৰি গগৈয়ে কয় যে কোন বিশ্বাসঘাতক সেয়া সময়ে নিৰ্ণয় কৰিব । AJP য়ে কোনোদিনে বিশ্বাসঘাতকতাৰ ৰাজনীতি কৰা নাই । অসম গণ পৰিষদ, UPPL, BPF ক বিজেপিৰ সংগ ত্যাগ কৰি জাতীয়তাবাদত বিশ্বাসী স্বাভিমানী নেতা, কৰ্মীক বিৰোধীলৈ অহাৰ বাবে তেওঁ আহ্বান জনায় । লুৰীণজ্যোতি গগৈয়ে কয় যে বিজেপিয়ে এফালৰ পৰা সকলোকে শেষ কৰি পেলাইছে । আঞ্চলিকতাবাদ সম্পূৰ্ণৰূপে শেষ কৰি পেলাইছে ।

লগতে পঢ়ক:MP Pabitra Margherita : অসম মিঞাৰ ওপৰত নিৰ্ভৰশীল নাছিল আৰু কেতিয়াও নহয়; পবিত্ৰ মাৰ্ঘেৰিটা

For All Latest Updates

ABOUT THE AUTHOR

...view details