অসম

assam

মন্ত্ৰীৰ ঘৰত বহি প্ৰস্তুত কৰা হৈছিল সীমা নিৰ্ধাৰণৰ খচৰা

ETV Bharat / videos

Constituency delimitation : মন্ত্ৰীৰ ঘৰত বহি প্ৰস্তুত কৰা হৈছিল সীমা নিৰ্ধাৰণৰ খচৰা ! - অসম যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ

By

Published : Jul 3, 2023, 2:00 PM IST

কৰিমগঞ্জ, 3 জুলাই : নিৰ্বাচন আয়োগ নহয় মন্ত্ৰীৰ ঘৰত বহি সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য অসম যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ৷ কৰিমগঞ্জৰ এক সভাত উপস্থিত হৈ যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে এই মন্তব্য আগবঢ়ায় । সমষ্টি পুননিৰ্ধাৰণৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে শাসকীয় দলটোৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকী ৷ 

শিৱসাগৰ জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ সমষ্টি কৰ্তন সন্দৰ্ভতো ভাৰতৰ নিৰ্বাচন আয়োগ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে যুৱ নেতা লুৰিণজ্যোতি গগৈ ৷ অখিল গগৈ আৰু গৌৰৱ গগৈৰ সৈতে শিৱসাগৰত তোলা ফটোখন সন্দৰ্ভত শাসকীয় দলটোৱে চলোৱা চৰ্চা সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ায় লুৰিণজ্যোতি গগৈয়ে  । গগৈয়ে ইয়াক সংকীৰ্ণ মনোভাৱ আৰু আহোম বিৰোধী ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ।  

উল্লেখ্য যে, সভাখনত সাংসদ অজিত ভূঞাৰ লগতে বিৰোধী দলৰ নেতা ৰকিবুল হুছেইন উপস্থিত আছিল ৷ 

লগতে পঢ়ক :Sudakshina sharma is no more : অন্তিম শয়নত সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা

ABOUT THE AUTHOR

...view details