অসম

assam

কাতি বিহুৱে জাতিটোৰ অৰ্থনৈতিক ভেঁটি, জাতীয় পুঁজি নিৰ্মাণ কৰা চিন্তাৰ শক্তি দিয়ে- লুৰীণজ্যোতি গগৈ

ETV Bharat / videos

Kati Bihu 2023: কাতি বিহুৱে জাতিটোৰ অৰ্থনৈতিক ভেঁটি, জাতীয় পুঁজি নিৰ্মাণৰ চিন্তাৰ শক্তি দিয়ে- লুৰীণজ্যোতি গগৈ - bihu in Assam

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 11:20 AM IST

মৰাণ, 19 অক্টোবৰ: ৰাজ্য অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ বুধবাৰে ডিব্ৰুগড়তো কাতি বিহু উলহ-মালহে উদযাপন কৰা হয় । শস্যৰ শ্ৰী বৃদ্ধিৰ কামনা কৰি আৰু ঘৰে-ঘৰে তুলসী তলত চাকি-বন্তি জ্বলাই ডিব্ৰুগড়তো কাতি বিহুৰ পালন কৰাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লাহোৱাল সমষ্টিৰ আতিথ্যত আৰু ডিব্ৰুগড়ৰ বৃহত্তৰ বকপোৰা গাঁৱৰ ৰাইজৰ সহযোগত ৰাজহুৱাকৈ অনুষ্ঠিত কৰা হয় কাতি বিহু । 

এই কাৰ্যসূচীত বকপোৰা ৰাজহুৱা নামঘৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে দলৰ কৰ্মকৰ্তাসকলে মা-প্ৰসাদৰ শৰাই, তামোল-পাণ অৰিহণা দি আৰ্শীবাদ লয় । ইয়াৰ পিচতে পথাৰত গৈ চাকি-বন্তি জ্বলাই শস্যৰ শ্ৰী বৃদ্ধি কামনা কৰি ভোগালী বিহুৰ ভোগ আৰু ব'হাগ বিহুৰ আনন্দ কামনা কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে । অসম জাতীয় পৰিষদ সভাপতিগৰাকীয়ে লগতে কয়, কাতি বিহুৱে জাতিটোৰ অৰ্থনৈতিক ভেঁটি, জাতীয় পুঁজি নিৰ্মাণ কৰাৰ চিন্তা শক্তি দিয়ে।

লগতে পঢ়ক:Lovlina observing Kati Bihu : শিপা নাপাহৰা বক্সাৰ লাভলীনাই তুলসী তলত চাকি জ্বলাই কুশল কামনা কৰিলে অসমবাসীৰ

ABOUT THE AUTHOR

...view details