অসম

assam

খাৰুপেটীয়া-দলগাঁৱত গৰুৰ দেহত লাম্পী

ETV Bharat / videos

Lumpy disease: দলগাঁৱত লাম্পী ৰোগৰ প্ৰাদুৰ্ভাৱত শংকিত গোপালক - Lumpy disease in Dalgaon

By

Published : May 7, 2023, 6:21 PM IST

দলগাঁও, ৭ মে':ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ খাৰুপেটীয়া-দলগাঁৱত গৰুৰ দেহত দেখা দিছে লাম্পী ৰোগ (Lumpy disease in Dalgaon)। দলগাঁও-খাৰুপেটীয়াৰ বৃহত্তৰ অঞ্চলটোত ৭ হাজাৰৰো অধিক গৰু এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । বিগত কিছুদিন ধৰি দৰঙৰ আৰিমাৰি, শ্যামপুৰ, মাগুৰ‌মাৰী‌, বদলি বৰালি, বাইগৰমাৰী, ৰৌমাৰী আদিকে ধৰি বিভিন্ন অঞ্চলত এই লাম্পীৰ প্ৰাদুৰ্ভাৱে চিন্তিত কৰি তুলিছে গোপালক সকলক ।

উল্লেখ্য় যে, এই ৰোগত গৰুৰ দেহত বসন্তৰ নিচিনা ফোঁহো হয় আৰু পিচলৈ ফাটি গৈ ঘাঁ সদৃশ হ'বলৈ ধৰে । ফলত আক্ৰান্ত গৰু জ্বৰ আৰু বিষত চটফটাই থাকে। এই বেমাৰত কেইবাটাও গৰুৰ মৃত্য়ু হৈছে যদিও বিভাগীয়ভাৱে কোনো ধৰণৰ প্ৰতিষেধক প্ৰদান কৰা হোৱা নাই বুলি কয় আৰিমাৰী গাঁৱৰ কৃষক হুৰমুজ আলিয়ে ।  

এই সন্দৰ্ভত খাৰুপেটীয়াৰ‌ পশু চিকিৎসা কেন্দ্ৰৰ চিকিৎসক বাহাৰুল ইছলামে কয় যে, কেইবাখনো গাঁৱত ইতিমধ্যে লাম্পীৰ প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ইয়াক প্ৰতিৰোধৰ বাবে কৃষকক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছে (Kharupetia Veterinary Centre)। বৰ্তমানো লাম্পীৰ পৰ্যাপ্ত ‌প্ৰতিষেধক খাৰুপেটীয়া খণ্ড পশু চিকিৎসালয়ত মজুত আছে আৰু এই প্ৰতিষেধক আক্ৰান্ত অঞ্চলত প্ৰদান কৰা হ'ব বুলি কয় ।

লগতে পঢ়ক:Cultivation of silkworms : পুৰণিকলীয়া পদ্ধতিৰে আজিও পলুখেতি কৰা খেতিয়কৰ গাঁথা

ABOUT THE AUTHOR

...view details