Minor suicide case: প্ৰেমিকৰ পৰিয়ালৰ ককৰ্থনা; দশম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা
জোনাই, ১৬ জুলাই:ধেমাজি জিলাৰ চিলাপথাৰত অঘটন ৷ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিলিত এগৰাকী কিশোৰীৰ আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনা অনুসৰি শনিবাৰে গাওঁখনৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীয়ে নিজ ঘৰত চিপ লৈ আত্মহননৰ পথ বাচি লয় ৷ ঘৰৰ সকলো খেতি পথাৰত ব্যস্ত থকাৰ সময়তেই দেওবাৰে কিশোৰীগৰাকীয়ে এই ভয়ংকৰ ঘটনা সংঘটিত কৰে ৷
মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি কিছুদিনৰ পৰা একেখন গাঁৱৰে এজন যুৱকৰ সৈতে কিশোৰীগৰাকী প্ৰেমৰ সম্পৰ্ক চলি আছিল ৷ ঘটনাৰ কিছু সময়ৰ পূৰ্বে যুৱকজনৰ দুগৰাকী সম্পৰ্কীয় মহিলা গৈ যুৱতীৰ পিতৃৰ সন্মুতে অশ্লীল ভাষাত তীব্ৰ কৰ্কথনা কৰে। মুৰকত চৰম লজ্জাবোধ কৰি ইয়াৰ কিছু সময়ৰ পিচতে চৰম পন্থা অৱলম্বন কৰে কিশোৰীগৰাকীয়ে ৷
এই ঘটনাৰ পিচতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । একমাত্ৰ কন্যাক হেৰুৱাই মৰ্মাহত পিতৃয়ে ঘটনাৰ সংক্ৰান্তত চিলাপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ কিশোৰীগৰাকীৰ মৃত্যুক সহজভাৱে মানি ল’ব নৰা নাই সহপাঠীসকলেও । ঘটনাটোৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে শুভাকাংক্ষীসকলে ৷
লগতে পঢ়ক:MP gangrape : মধ্য প্ৰদেশত দলবদ্ধ ধৰ্ষণ; বিজেপি নেতাৰ পুত্ৰক গ্ৰেপ্তাৰ