অসম

assam

হাউলী ৰাস মহোৎসৱ বহুমুখী সাংস্কৃতিক প্ৰকল্প

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:12 PM IST

ETV Bharat / videos

Howli Raas Mahotsav: হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেল মুকলি

বৰপেটা ২০ অক্টোৱৰ :এশ টকা টিকটৰ বিপৰীতে ৭৬ লাখ টকা মূল্যৰ বিলাসী ৰেঞ্জ ৰোভাৰ বাহন ৷ মাত্র এশ টকাত ফৰচুনাৰ, স্ক'ৰপিঅ', স্কোডা বাহন । শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সঁচা । মাত্ৰ এশ টকা মূল্যৰ উপহাৰ কুপন খেলৰ টিকটৰ বিনিময়ত হাউলী ৰাস মহোৎসৱ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ খেল পৰিচালনা সমিতিয়ে আগবঢ়াইছে একৈশখন চাৰিচকীয়া বাহন ৷

এইবেলি মুঠ ৪ লাখ টিকটৰ ব্যৱস্থা কৰা হৈছে ৷ খেল পৰিচালনা সমিতিয়ে উল্লেখ কৰা মতে, প্ৰথমবাৰ মাথো ৫ হাজাৰ টিকটেৰে আৰম্ভ কৰা খেলখনে অসমবাসীৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ফলত প্ৰতিবছৰে টিকটৰ সংখ্যা বঢ়াই থাকি অবশেষত এইবেলি ৪ লাখ টিকট কৰা হৈছে  ৷ হাউলী ৰাস মহোৎসৱ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে অনুষ্ঠিতব্য় উপহাৰ কুপন খেলৰ পুৰস্কৰ সমূহ হৈছে ৰেঞ্জ ৰোভাৰ, টয়োটা ফৰচুনাৰ, স্ক'ৰপিঅ', স্ক'ডা কুচাক, নেক্স'ন, ফ্ৰংচ, ভেনু, এল্ট্ৰ'জ, টিগৰ,পাঞ্চ, এক্সটাৰ, চিট্ৰন চি ৩, অ'ৰা, মেগনাইট, গ্ৰেণ্ড আই ১০ নিয়চ, ওৱাগানাৰ, দুখন কুইড আৰু তিনিখন এল্টো কে ১০ বাহন ৷

লগতে পঢ়ক:Massive explosion: পুৰণি দিৰিয়েল চাহ বাগিচাৰ সমীপৰ অইলৰ তেল খাদত ভয়ংকৰ বিস্ফোৰণ

ABOUT THE AUTHOR

...view details