অসম

assam

মহাভাৰতৰ দিনৰ পৰা ভাৰতৰ অংগ আছিল অসম; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 10:43 AM IST

মহাভাৰতৰ দিনৰ পৰা ভাৰতৰ অংগ আছিল অসম

নিউজ ডেস্ক, 24 ডিচেম্বৰ: ভগৱান শ্ৰীকৃষ্ণ অসমৰ সৈতে কি সম্পৰ্ক আছে ! ভীম-অৰ্জুনৰ সৈতে উত্তৰ-পূৱ ভাৰতৰ কি সম্পৰ্ক আছে ! যদি মহাভাৰত বা গীতা-ভাগৱত অধ্যয়ন কৰিছে তেতিয়া হ’লে নিশ্চয় আপুনিও এই কথা জানে ৷ কাৰণ এসময়ৰ অসমৰ জীয়ৰী ৰুক্মিণীক বিয়া কৰাইছিল ভগৱান শ্ৰীকৃষ্ণই ৷ এই কথা পুনৰ উল্লেখ কৰি এতিয়া চৰ্চিত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অনুষ্ঠিত হৈ থকা গীতা জয়ন্তী মহোৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ভগৱান শ্ৰীকৃষ্ণক আমি জোঁৱাই হিচাপে মানো ৷ অসমৰ জীয়ৰী ৰুক্মিণীক বিয়া কৰাইছিল ৷ সেয়ে ভগৱান শ্ৰীকৃষ্ণক আমি জোঁৱাই হিচাপে মানো ৷ কেৱল স্বাধীনতাৰ সময়ৰ পৰাই নহয়, মহাভাৰতৰ দিনৰ পৰা ভাৰতৰ অংশ হৈ আছিল উত্তৰ-পূবৰ লগতে অসম ৷’’

লগতে পঢ়ক :Year ender 2023 : কম্পিত পাহাৰীয়া চহৰ যোশীমঠ পৰিণত হৈছে টাইম বোমাত !

ABOUT THE AUTHOR

...view details