Constituency delimitation: সমষ্টি হেৰুৱাই অসহায় কৰিমগঞ্জৰ লোকসভাৰ সাংসদ কৃপানাথ মাল্লাহ - Lok Sabha MP Kripanath Mallah
কৰিমগঞ্জ, 25 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাচত এতিয়া সমস্যাত পৰিছে কৰিমগঞ্জৰ লোকসভাৰ সাংসদ কৃপানাথ মাল্লাহ ৷ খচৰা প্ৰকাশৰ পাচত অসহায় হৈ পৰা সাংসদগৰাকীয়ে কয়, ‘‘মোৰ আসন নাই, কি কৰিম, উপায় নাই ৷’’ দলে বিচাৰিলে শিলচৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷
লগতে তেওঁ কয় যে, বৰাকত 15 খন আসনৰ বাবে পৰ্যাপ্ত জনসংখ্যা নাই, সেইবাবেই 13 খন আসন কৰা হৈছে ৷ দলে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তই সন্তুষ্ট বুলিও তেওঁ মন্তব্য কৰে ৷
উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ শাসকীয়া দল বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি জনাইছে ৷ কিন্তু মিত্ৰদল অগপৰ মাজত এই খচৰাক লৈ অসন্তুষ্টিৰ সমষ্টি হৈছে যদিও মুকলিকৈ প্ৰকাশ কৰিব পৰা নাই ৷
লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণে সম-উন্নয়ন কৰিব; ৰূপজ্য়োতি কুৰ্মী