অসম

assam

Assam BJP

ETV Bharat / videos

Assam BJP: লোকসভা নিৰ্বাচনত 12 খনতকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে; ভৱেশ কলিতা - BJP Meeting in Guwahati

By

Published : Jul 6, 2023, 8:09 PM IST

গুৱাহাটী, 6 জুলাই: অসম বিজেপিয়ে অহা লোকসভা নিৰ্বাচনত অসমত বাৰখনতকৈয়ো অধিক আসন লাভ কৰিব ৷ এই দাবী অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷  

আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন আৰু দলৰ সাংগঠনিক কামকাজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে অসম বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগকে ধৰি পূবৰ 12 খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ গুৱাহাটীত অনুষ্ঠিত বৈঠকৰ অন্তত সাংবাদিকৰ আগত বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই মন্তব্য কৰে ৷

তেওঁ কয় যে মোদীক আঁতৰাবৰ বাবে 12 টা বিৰোধী দল লগ হৈছে । কিন্তু তেওঁলোকৰ কোনো আদৰ্শ নাই । 12 টা কি, 22 টা লগ দল লগ হ’লেও বিজেপিৰ একো কৰিব নোৱাৰে ৷ তেওঁ কয় যে আজিৰ বৈঠক সম্পূৰ্ণৰূপে সাংগঠনিকভিত্তিক ৷ 8 জুলাইত বিষয়ববীয়া সভা হ’ব ৷ আজিৰ পৰামৰ্শসমূহ আগুৱাই নিয়া হ’ব বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে ৷

ন-বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতৰ কথা স্পষ্টকৈ উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰা নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে অশোক শৰ্মাৰ বিষটো দলৰ মজিয়াত নিষ্পত্তি কৰা হৈছে ৷ উল্লেখ্য যে আজিৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:Rajasthan Congress Meet : ৰাজস্থানৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ সৈতে বৈঠক ৰাহুল-খাৰ্গেৰ

ABOUT THE AUTHOR

...view details