Flood relief scam at Senga: বান সাহায্যৰ বিতৰণত দালালৰ দপদপনি - Locals protest against Flood relief scam at Senga
ৰাজ্যজুৰি বান পৰিস্থিত শাম কটাৰ পিছতেই এতিয়া চৰকাৰী বান সাহায্য প্ৰদানৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ বহু ঘটনা পোহৰলৈ আহিছে (Flood relief scam at Senga)৷ বান সাহায্যৰ প্ৰদানৰ নামতো একাংশ মধ্যভোগী দালালৰ দপদপনিত অতিষ্ঠ হৈছে বন্যাৰ্ত ৷ বৰপেটাৰ চেঙা উত্তাল প্ৰতিবাদ বান সাহায্যৰ পৰা বঞ্চিত বন্যাৰ্তৰ (Flood relief scam in Barpeta)৷ গাঁওপ্ৰধানৰ ভুলৰ কাৰণেই বানাসাহায্য লাভ নকৰিলে একাংশ লোকে ৷ ইফালে ইয়াৰ বিপৰীতে একাংশ বান সাহায্য লাভ নকৰিব লগীয়া লোকে বান সাহায্য লাভ কৰিছে বুলি অভিযোগ উত্থাপন উত্তাল প্ৰতিবাদকাৰীৰ (Locals protest against flood relief scam at Senga)৷ বানপীড়িত লোকক সাহায্য দিয়াৰ নামত দুৰ্নীতি সংঘটিত ১৩ নম্বৰ চাৰ্জৰ গাঁওপ্ৰধান হৰেকৃষ্ণ ডেকাক নিলম্বন কৰাৰ দাবী ক্ষোভিত ৰাইজৰ ৷ আনহাতে বানসাহায্যৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত বন্যাৰ্তৰ পৰা এশৰ পৰা দুশ টকালৈকে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে গাঁওপ্ৰধান হৰেকৃষ্ণ ডেকাৰ বিৰুদ্ধে ৷ এই ঘটনা পোহৰলৈ অহাৰ পিছতে গাঁওপ্ৰধান হৰেকৃষ্ণ ডেকাৰ বিৰুদ্ধে তিনিদিন পূৰ্বে ৰাইজমেল অনুষ্ঠিত কৰিছিল গাঁৱৰ লোকে ৷ এই ঘটনাৰ উচিত তদন্ত কৰি পুনৰ বন্যাৰ্তৰ তালিকা প্ৰস্তুত কৰিবলৈ ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে গাঁওবাসীয়ে ৷ ক্ষোভিত বন্যাৰ্তক ন্যায় প্ৰদানৰ আশ্বাস দিয়ে চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST