অসম

assam

জোনাইৰ মাছ বজাৰত হুলস্থূল

ETV Bharat / videos

Formalin in Fish: চালানী ৰৌ বজাৰত নাই; পুঠি খলিহনাৰ দামেও চুইছে আকাশ

By

Published : Apr 30, 2023, 6:29 PM IST

জোনাই, 30 এপ্ৰিল : হঠাৎ জোনাইৰ মাছ বজাৰত লাগিল হুলস্থূল ৷ কিয়নো অস্বাভাৱিক হাৰত জোনাইত বৃদ্ধি পাইছে মাছৰ মূল্য ৷ ডাঙৰ মাছটো বাদেই সৰু সৰু পুঠি-খলিহনা মাছৰ দামে চুইছেগৈ প্ৰতি কেজিত ছয়ৰ পৰা সাতশ টকা (Fish prices rise at Jonai) ৷ বজাৰলৈ আহি হতবাক সাধাৰণ ৰাইজ ৷

মাছৰ অস্বাভাৱিক দাম শুনি উপায়ন্তৰ হৈ মূৰে-কঁপালে এতিয়া হাত দিছে সাধাৰণ ক্ৰেতাই ৷ অভিযোগ অনুসৰি, জোনাইৰ কিছু সংখ্যক অসাধু ব্যৱসায়ীয়ে ফৰ্মেলিন মিশ্ৰিত বৰবিহ সদৃশ চালানী মাছ বন্ধ হোৱাৰ সুযোগতে চিয়াং-লালী নদীৰ মাছকে এতিয়া সোণৰ দৰত বিক্ৰী কৰিবলৈ লৈছে (Formalin in Fish) ৷

যি সময়ত মাছৰ অধিক প্ৰজননৰ সময় বুলি চৰকাৰে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ নদ-নদী, বিল-জলাশয় আদিত কণী থকা তলুৱা মাছ ধৰা নিষেধ কৰিছে, তেনে সময়তে জোনাই একমাত্ৰ দৈনিক বজাৰত মুকলিকৈ বিক্ৰী কৰি আছে কণী থকা তলুৱা মাছ ৷ যাক লৈ এতিয়া ক্ষুভিত হৈ পৰিছে স্থানীয় লোক ৷ সেয়ে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় সচেতন মহলে ৷

লগতে পঢ়ক:Formalin in Fish: ফৰ্মেলিনযুক্ত মাছ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ

ABOUT THE AUTHOR

...view details