Senior journalist press Meet: চৰকাৰে চমক সৃষ্টিকাৰী অপ্ৰয়োজনীয় কাম কৰিছে: ক্ষোভ সাহিত্যিক পেন্সনাৰৰ - Press Meet in Dhemaji Press Club
Published : Oct 6, 2023, 7:51 PM IST
ধেমাজি, ৬ অক্টোবৰ: ধেমাজি প্ৰেছ ক্লাৱত শুক্ৰবাৰে প্ৰবীণ সাংবাদিক তথা সাহিত্যিক পেন্সনাৰ উমেশ চেতিয়াই এখন সংবাদমেল সম্বোধন কৰি কয় যে অসম চৰকাৰৰ কৰণীয় বহু সমস্যা আছে যদিও তাকে নকৰি কেৱল চমক সৃষ্টিকাৰী অপ্ৰয়োজনীয় কাম কৰি আছে ৷ বিহু নাচৰ নামত কোটি টকা আৰু এতিয়া অমৃত কলহৰ নামত অনৰ্থক ধন খৰচ কৰি উপলুঙা কৰা বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ৷ তেওঁ ধেমাজিৰ জীয়াঢল নদীক নিয়ন্ত্ৰণ কৰি বান সমস্যা সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায় ।
ধেমাজি জিলাৰ বিভিন্ন সমস্য়াৰ বিষয়ে উল্লেখ কৰি তেওঁ পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ লগতে ধেমাজি গোগামুখ ঘিলামৰা অন্তগৰ্ত বৰদৈবাম বিলমুখ পক্ষী অভয়ৰাণ্যক পক্ষী উদ্যান হিচাপে সংৰক্ষণ কৰাৰ দাবী জনায় । তদুপৰি পশ্চিম ধেমাজিৰ ঐতিহাসিক চাওলুং চ্যুকাফাৰ দ্বিতীয় ৰাজধানী হাবুঙক পৰ্যটন ক্ষেত্ৰলৈ গঢ় দিয়াৰো আহ্বান জনায় জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ।
তেওঁ ধেমাজিৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় পথ চাৰিলেনযুক্ত ঘাইপথলৈ সম্প্ৰসাৰণ কৰাকে আদি কৰি কেইবাটাও দাবী উত্থাপন কৰে । স্থানীয় সংবাদসেৱী সকলক জিলাখনৰ সমস্যাসমূহ চৰকাৰৰ আগত দাঙি ধৰিবলৈ আহ্বান জনায় প্ৰবীণ সাংবাদিকগৰাকীয়ে ৷
উল্লেখ্য যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ লগতে ধেমাজি সংবাদজগতৰ বাটকটীয়া সাংবাদিক উমেশ চেতিয়াই ধেমাজি জিলা সাংবাদিক সংস্থাৰ (১৯৯৪-৯৮)ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতিৰ (১৯৮৮-৯১) দায়িত্ব পালন কৰিছিল ৷
লগতে পঢ়ক:Student protest in Cotton University: কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ছাত্ৰসমাজৰ প্ৰতিবাদ