অসম

assam

Linge Ping festival: মাজুলীত গোৰ্খাসকলৰ লিংগে পিং উৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:29 PM IST

মাজুলীত গোৰ্খাসকলৰ লিংগে পিং উৎসৱ উদযাপন

মাজুলী,২২ অক্টোবৰ: চৌদিশে শাৰদীয় দুৰ্গা পূজাক লৈ ধামখুমীয়া পৰিৱেশ । ইয়াৰ মাজতে আৰম্ভ হ'ল মাজুলীত গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰাগত লিংগে পিং উৎসৱ । শ্ৰীৰাম দেৱত্তোৰ গোৰ্খাসকলৰ উদ্যোগত আৰু সমগ্ৰ মাজুলীৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ সহযোগত অনুষ্ঠিত হৈছে পৰম্পৰাগত লিংগে পিং উৎসৱ ।  

প্ৰতি বছৰে দুৰ্গা পূজাৰ মহাসপ্তমীৰ দিনাৰ পৰা আৰম্ভ হয় এই লিংগে পিং উৎসৱ । এই লিংগে পিং উৎসৱত গোৰ্খাসকলৰ পুৰুষ মহিলা, কণ কণ শিশু পৰা আৰম্ভ কৰি সকলোৱে দোলনা খেলে । লিংগে পিং হৈছে দশাইন উৎসৱৰ সময়ত নিৰ্মাণ কৰা এক পৰম্পৰাগত দোলনা । সপ্তমীৰ দিনা আৰম্ভ হোৱা এই উৎসৱত বিজয়া দশমীৰ দিনা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ বছৰটিৰ মংগল কামনা কৰে ।  

লগতে পঢ়ক:Durga Puja at historic Devi Doul: বলি-বিধানেৰে দেৱী দৌলত পালিত হৈছে মহা অষ্টমী

ABOUT THE AUTHOR

...view details