ভাৰতীয় জীৱন বীমা নিগমৰ অভিকৰ্তাৰ প্ৰতিবাদ অব্যাহত - LIC Agent protest at Bokakhat
ৰাজ্যজুৰি ভাৰতীয় জীৱন বীমা নিগমৰ অভিকৰ্তাসকলৰ প্ৰতিবাদ অব্যাহত হৈ আছে (LIC Agent protest in Assam)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বৃহস্পতিবাৰে বোকাখাতত জীৱন বীমাৰ মেৰুদণ্ড স্বৰূপ অভিকৰ্তাসকলে বিভিন্ন সমস্যা সমাধান নকৰাৰ প্ৰতিবাদত কৰ্মবিৰতি ঘোষণা কৰে ৷ চলিত বৰ্ষত ৬৬ বছৰত ভৰি দিয়া ভাৰতীয় জীৱন বীমা নিগমে বীমাৰ ক্ষেত্ৰত দেশৰ আন বীমা কোম্পানীৰ ভিতৰত ৭০ শতাংশ বীমাৰ ব্যৱসায় কৰে (LIC Agent protest at Bokakhat )। প্ৰতিবছৰে চেপ্তেম্বৰৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ ভাৰতীয় জীৱন বীমা নিগমে "বীমা সপ্তাহ" হিচাপে পালন কৰি আহিছে, কিন্তু এইবৰ্ষৰ বীমা সপ্তাহ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিবাদী অভিকৰ্তাসকলে ৷ অভিকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে তেওঁলোকে দিনে নিশাই কষ্ট কৰি নিজৰ দায়িত্ব পালন কৰি আহিছে । কিন্ত ভাৰতীয় জীৱন বীমা নিগমে চলিত বৰ্ষৰ পৰা অভিকৰ্তাসকলৰ গ্ৰেছুইটি কৰ্তন, ভৱিষ্যনিধি কৰ্তন, বোনাচ বন্ধৰ সিদ্ধান্ত লৈছে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST