Leopard terror in Dibrugarh: তামোলবাৰীত মহিলা শ্ৰমিকক আক্ৰমণ নাহৰফুটুকীৰ - তামোলবাৰীত মহিলা শ্ৰমিকক আক্ৰমণ নাহৰফুটুকীৰ
মৰাণ, ২৬ এপ্ৰিল : ডিব্ৰগড় জিলাত নাহৰফুটুকীৰ সন্ত্ৰাসত শংকিত হৈছে ৰাইজ । এইবাৰ জিলাখনৰ লাহোৱালৰ তামোলবাৰী চাহ বাগিচাত পাত তুলি থকা অৱস্থাত মহিলা শ্ৰমিকক আক্ৰমণ কৰিলে নাহৰফুটুকীয়ে (Woman attack by Leopard in Dibrugarh)। লাহোৱালৰ তামোলবাৰী চাহ বাগিছাত বাঘৰ সন্ত্ৰাসক লৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে । বুধবাৰে এই বাগিচাখনত পাত তুলি থকা অৱস্থাত এগৰাকী মহিলা শ্ৰমিকক আক্ৰমণ কৰে এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে ।
মহিলাগৰাকীক আক্ৰমণ কৰি উক্ত স্থানৰ পৰা আঁতৰি যায় নাহফুটুকীয়ে । গুৰুতৰভাৱে আহত শ্ৰমিক মহিলা ৰাকীক বৰ্তমান সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আহত মহিলা গৰাকীৰ নাম মিনু মাঝি বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:Palash Moran missing case: অৰুণাচলৰ আপাৰ চিংহাঙত উদ্ধাৰ আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি
TAGGED:
Leopard terror in Dibrugarh