অসম

assam

নাহৰকটীয়াৰ লংঘাৰজান চাহ বাগিচাত নাহৰফুটুকীৰ মুক্ত বিচৰণ

ETV Bharat / videos

নাহৰকটীয়াৰ লংঘাৰজান চাহ বাগিচাত নাহৰফুটুকীৰ মুক্ত বিচৰণ - Leopard Spotted in Naharkatia

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:45 AM IST

মৰাণ, 20 ডিচেম্বৰ : ৰাজ্য়ৰ ভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতকে ধৰি বনৰীয়া ম’হে ত্ৰাস চলাই অহাৰ সময়তে এইবাৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ লংঘাৰজান চাহ বাগিচাৰ পথত মঙলবাৰে নিশা নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ ৷ স্থানীয় বিধায়ক তৰংগ গগৈৰ কেমেৰাত বন্দী হ'ল নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য ৷

এতিয়া বাঘৰ ভয়ত সন্ধিয়া হ'লেই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে ৰাইজ। দিনতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰিছে বাঘটোৱে ৷ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে এক অনুষ্ঠানত অংশ লৈ ঘৰলৈ আহি থকা সময়ত পথত ওলোৱা প্ৰকাণ্ড নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য বন্দী কৰিলে নিজৰ কেমেৰাত। বিধায়কগৰাকীয়ে অঞ্চলটোৰ ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ ইতিমধ্যে বাঘটোৰ সন্দৰ্ভত স্থানীয় বন বিভাগত অৱগত কৰা হৈছে ৷

লগতে পঢ়ক:পশ্চিম কামৰূপ বন সংমণ্ডলত অবাধ বন ধ্বংসযজ্ঞ

ABOUT THE AUTHOR

...view details