অসম

assam

Leopard skin and body parts seized: এটা লতামেকুৰীক খোৱাৰ পৰিকল্পনা কৰি অৱশেষত ৰঙাঘৰলৈ তিনি যুৱক

By

Published : Jan 14, 2023, 2:06 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বকোৰ ৰাজাপাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ শুকুৰবাৰে নিশা বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত হনুমান মন্দিৰৰ সমীপত অচিনাক্ত বাহনৰ খুন্দাত এটা লতামাকৰীৰ মৃত্যু হৈছিল ৷ এই লতামাকৰীটোক খাবলৈ পৰিকল্পনা কৰিছিল তিনি লোকে (Three arrested for plan to eat leopard)৷ বকোস্থিত শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া আলোক ৰঞ্জন দেৱ তথা বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ নেতৃত্বত ৰাজাপাৰাত অভিযান চলাই এই তিনি ব্যক্তিক গ্ৰেপ্তাৰ কৰে (Leopard skin and body parts seized)৷ গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে গণেশ বড়ো (৪৬), শুক্লেশ্বৰ বড়ো (৪০) আৰু ৰঞ্জিত চেত্ৰী (৩৪)। বন বিভাগৰ লগতে বকো আৰক্ষীয়ে গণেশ বড়োৰ গৃহৰ পৰা বাঘটোৰ ছাল, মাংস আদি জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ নিশা গ্ৰেপ্তাৰ কৰি তিনিওকে শিংৰা বনাঞ্চলিক কাৰ্যালয়লৈ (Singra Forest office) লৈ অনা হয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ অন্তৰ্গত 39, 43, 44, 49(B) আৰু 09 ধাৰাত এটা গোচৰ ৰুজু কৰিছে (Case registered)৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details