কলিয়াবৰৰ চাহ বাগিচাত নাহৰফুটুকী উদ্ধাৰ - Kaliabor tea estate
শিলঘাটত মঙলবাৰে উদ্ধাৰ হৈছে এটা নাহৰফুটুকী বাঘৰ পোৱালী (Leopard cub rescued in Kaliabor) । উল্লেখ্য় যে, কলিয়াবৰ চাহ বাগিচাৰ ১৭ নম্বৰ লাইনত নাহৰফুটুকী বাঘৰ পোৱালীটো প্ৰত্যক্ষ কৰে বাগিচাৰ শ্ৰমিকে । এই বাঘৰ পোৱালীটোৰ বিচৰণত বাগিচাৰ শ্ৰমিকৰ মাজত আতংকৰ সৃষ্টি হয় (Leopard in Kaliabor tea estate)। পিছত চাহ শ্ৰমিকে খবৰ দিয়ে স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাক । ঘটনাস্থলীত প্ৰকৃতিপ্ৰেমীগৰাকী উপস্থিত হৈ বাঘৰ পোৱালীটোৰ বিচৰণ প্ৰত্যক্ষ কৰে । পৰৱৰ্তী সময়ত নাহৰফুটুকী বাঘৰ পোৱালীটো মাকে লৈ কামাখ্যা পাহাৰৰ হাবিলৈ গুছি যোৱা বুলি কয় প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:27 PM IST