অসম

assam

পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ETV Bharat / videos

Leopard caged in Jorhat: পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী - Tiger panic in Jorhat

By

Published : Feb 18, 2023, 12:50 PM IST

যোৰহাট, ১৮ ফ্ৰেব্ৰুৱাৰী:যোৰহাটত নাহৰফুটুকী পিঞ্জৰাবদ্ধ । পুৰণি মাটি ডেৰকুৰীয়া অঞ্চলত দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি অহা এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় যোৰহাট বন বিভাগে । বন বিভাগে স্থাপন কৰা পিঞ্জৰাত শুকুৰবাৰে আবদ্ধ হয় বাঘটো (Leopard caged in Jorhat) । বনবিভাগে যোৱা দুদিন পূৰ্বে স্থাপন কৰিছিল পিঞ্জৰাটো । পিঞ্জৰাবদ্ধ বাঘটো লৈ অনা হয় যোৰহাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ । 

জানিব পৰা মতে প্ৰাপ্তবয়স্ক বাঘটোৰ বয়স প্ৰায় ৫ বছৰ হোৱাৰ লগতে ইয়াৰ দৈঘ্য প্ৰায় ৫ ফুট । উল্লেখ কৰাৰ প্ৰয়োজন যে উক্ত নাহৰফুটুকী বাঘটোৱে বৃহত্তৰ পুৰণি মাটি ডেৰকুৰীয়া অঞ্চলটোত দীৰ্ঘদিনে সন্ত্ৰাস চলাই আহি একপ্ৰকাৰ ৰাইজক হাৰাশাস্তি কৰি আহিছিল । নাহৰফুটুকীটোৱে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই পোহনীয়া হাঁহ, কুকুৰা, পাৰ আদি ভক্ষণ কৰি ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল(Tiger panic in Jorhat) । 

সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘটোৰ পৰাৰ পৰিত্ৰাণ পাবলৈ ৰাইজে এই কথা যোৰহাট বন বিভাগক অৱগত কৰে আৰু আৰু বন বিভাগে পতা পিঞ্জৰাত শুকুবাৰে বাঘটো পিঞ্জৰাবদ্ধ হয় । ফলত উক্ত অঞ্চলটোত ৰাইজক ত্ৰাসিত কৰা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে (Leopard trapped in Jorhat) । উল্লেখ যে যোৰহাটৰ এই বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰজাতি বাঘে পূৰ্বৰ পৰাই সন্ত্ৰাস চলাই আহিছে । 

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি উক্ত বনাঞ্চলত আৰু কেবাটাও বাঘ থকা সন্দেহ কৰাৰ হৈছে । শুকুৰবাৰে বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ বাঘটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ব বুলি বন বিভাগৰ লোকসকলে জানিবলৈ দিয়ে । উল্লেখ্য যে বনাঞ্চলৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাই অহাৰ ফলত বিভিন্ন বনৰীয়া জীৱ জন্ত খাদ্যৰ সন্ধানত সঘনাই জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ আৰু সন্ত্ৰাস চলাই আহিছে । 

লগতে পঢ়ক:AASU oppose shifting of Nalbari Civil: নলবাৰী চিভিল হাস্পতালত পূৰ্বৰ সা-সুবিধা বাহাল ৰখাৰ দাবী আছুৰ

ABOUT THE AUTHOR

...view details