Leopard Caged : ফিল'বাৰীত তাণ্ডৱ সৃষ্টি কৰা নাহৰফুটুকী পিঞ্জৰাবদ্ধ - ফিলবাৰী চাহ বাগিচা
Published : Oct 14, 2023, 3:30 PM IST
তিনিচুকীয়া, 14 অক্টোবৰ : তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ফিল'বাৰী চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰে বন বিভাগে ৷ বিগত কেইবাদিনো ধৰি ফিল'বাৰী চাহ বাগিচাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত পোহনীয়া জীৱ-জন্তুৰ লগতে চাহ শ্ৰমিকক আক্ৰমণ কৰি সন্ত্ৰাস চলাই আছিল নাহৰফুটুকীটোৱে ৷
ডুমডুমা বন বিভাগে প্ৰায় এসপ্তাহ পূৰ্বে স্থাপন কৰা পিঞ্জৰাত অৱশেষত শুকুৰবাৰে মাজনিশা আবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো ৷ চাহ বাগিচাখনত দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰাৰ লগতে বাগিচাৰ শ্ৰমিককো আক্ৰমণে কৰিছিল নাহৰফুটুকীটোৱে ৷
শনিবাৰে বন বিভাগে নাহৰফুটুকীটো তৰাণী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ৷ পূৰ্বেও ফিল'বাৰী চাহ বাগিচাত তিনিটা নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ কৰিছিল চাহ শ্ৰমিক সকলে ৷
লগতে পঢ়ক :Mahalaya 2023 : মহালয়া উপলক্ষে জামুগুৰিহাটত পুৱাৰ পৰাই ভক্তৰ সমাগম