অসম

assam

নামৰূপত নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ

By

Published : Jun 19, 2023, 3:42 PM IST

ETV Bharat / videos

leopard caged: নামৰূপত নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ

নাহৰকটীয়া, 19 জুন :ডিব্ৰুগড় জিলাৰ নামৰূপত পুনৰ এটা নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ কৰা হৈছে ৷ দেওবাৰে নিশা চট্টিশপুৰ চাহ বাগিচাত পিঞ্জৰাৱদ্ধ কৰা হয় নাহৰফুটুকী বাঘটো ৷ নামৰূপৰ দিল্লী খণ্ড বন বিভাগৰ তৎপৰতাত পিঞ্জৰাৱদ্ধ কৰা হয় নাহৰফুটুকী বাঘটো ৷ স্থানীয় লোকে জনোৱা অনুসৰি দীৰ্ঘদিন ধৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছিল নাহৰফুটুকী বাঘটোৱে ৷ সম্প্ৰতি বন বিভাগে বিভাগে পিঞ্জৰাৱদ্ধ বাঘটো উদ্ধাৰ কৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, ৰাজ্যজুৰি বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতে প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:Hajo Ghy Road Block : প্ৰকাণ্ড গছ বাগৰি ব্যাহত হাজো গুৱাহাটী পথ, নিৰ্লিপ্ত ভূমিকাত প্ৰশাসন

ABOUT THE AUTHOR

...view details