অসম

assam

ষ্টেডিয়াম পৰ্যবেক্ষণ বিধায়িনী দলৰ

ETV Bharat / videos

Stadium under construction in Nalbari:নলবাৰীত নিৰ্মীয়মাণ ষ্টেডিয়াম পৰ্যবেক্ষণ বিধায়িনী দলৰ - legislature team inspected nalbari stadium

By

Published : Jul 12, 2023, 8:40 PM IST

নলবাৰী, ১২ জুলাই : বুধবাৰে নলবাৰীত উপস্থিত হয় বিধান সভাৰ বিধায়িনী দল । বিধায়ক গোবিন্দ বসুমতাৰীৰ নেতৃত্বত পাঁচ গৰাকী বিধায়ক উপস্থিত হয় নলবাৰীৰ নিৰ্মীয়মাণ ষ্টেডিয়ামত । নলবাৰী ক্ৰীড়া সন্থাৰ অধীনত নিৰ্মাণৰত ইণ্ডোৰ ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে বিধান সভাৰ বিশেষ পৰ্যবেক্ষণ সমিতিৰ দলটোৱে । নলবাৰীৰ বহুকেইটা স্থানৰ বিভিন্ন প্ৰকল্প পৰিদৰ্শনৰ বাবে নলবাৰীত উপস্থিত হয় এই বিশেষ সমিতি । প্ৰকল্পৰ খুঁটি নাটিৰ লগতে অগ্ৰগতি সম্পৰ্কত বিধান সভাত প্ৰতিবেদন দাখিল কৰিব এই বিশেষ সমিতিয়ে ।

উল্লেখ্য যে, ৰাজধানী গুৱাহাটীৰ নিচেই ওচৰত থকা জিলা সমূহত ক্ৰীড়াৰ ক্ষেত্ৰত তাৎক্ষণিকভাবে ক্ৰীড়া অনুষ্ঠিত কৰিব পৰাকৈ কিম্বা অনুশীলনৰ বাবে কিমান গ্ৰহণযোগ্য হৈছে নিৰ্মীয়মাণ অৱস্থাত থকা ষ্টেডিয়ামখন, তাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰি অতি ক্ষীপ্ৰতাৰে অসম চৰকাৰে এনেবোৰ নিৰ্মীয়মাণ অৱস্থাত থকা ষ্টেডিয়ামবোৰ ক্ৰীড়াৰ বাবে সাজু কৰি উলিয়াব বুলি সদৰী কৰে দলটোৱে ।

লগতে পঢ়ক :Toll gates in Assam: পথ নিৰ্মাণৰ বিপৰীতে কৰ সংগ্ৰহৰ লক্ষ্যৰে উজনিত পাঁচখনকৈ টোলগেট নিৰ্মাণৰ যো-জা

ABOUT THE AUTHOR

...view details