Debabrata Saikia reacts on delimitation: বিজেপিৰ বাবে ৰাইজৰ নহয় দলীয় স্বাৰ্থ সৰ্বোপৰি: বিৰোধী দলপতি - সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশনামা
গুৱাহাটী, ২০ জুন : নিৰ্বাচন আয়োগে মঙলবাৰে প্রকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । নিজৰ প্ৰতিক্ৰিয়াত বিৰোধী দলপতি শইকীয়াই কয় যে ২০৩১ চনত অসমত সমষ্টিৰ সংখ্যা বৃদ্ধি পাব । কিন্তু বৰ্তমান ২০০১ চনৰ জনসংখ্যাৰ ভিত্তিত ২০২৬ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি কোনো লাভালাভ নহয় । ইয়াৰ দ্বাৰা ৰাজনৈতিক দলৰ লাভ হ'ব পাৰে যদিও ৰাইজৰ কোনো লাভ নহয় ।
বিৰোধী দলপতি শইকীয়াই লগতে কয় যে ৰাইজৰ কোনো লাভ নহয় যদিও শাসকীয় পক্ষই ততাতৈয়াকৈ নিৰ্বাচন আয়োগৰ যোগেদি এই কামখিনি কৰিছে । কংগ্ৰেছ দলে আগবঢ়োৱা যুক্তিখিনি মানি লোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে জনগণৰ সুবিধাৰ বাবে জিলা গঠন কৰা হয়, ৰাজনৈতিক সুবিধাৰ বাবে নহয় । বিজেপিয়ে ৰাইজতকৈ দলক বেছি গুৰুত্ব দিছে । খচৰা প্ৰস্তাৱ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নিৰ্দেশ নামা সন্দৰ্ভত কংগ্ৰেছ দলে কৰণীয় সকলোখিনি কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।
লগতে পঢ়ক :Constituency delimitation: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ নিৰ্বাচন আয়োগৰ