Love Affair Takes a Dark Turn: প্ৰেমিকাৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকি দি আৰক্ষীৰ জালত অধিবক্তা
গুৱাহাটী, ১৩ আগষ্ট: প্ৰেম কৰোঁতে সাৱধান হওক ৷ প্ৰেমজনিত কাৰণৰ বাবেই গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকাৰ অন্তৰংগ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দি গীতানগৰ আৰক্ষীৰ জালত পৰিল অধিবক্তা ৷ দেওবাৰে চান্দমাৰিৰ পৰা গ্ৰেপ্তাৰ কৰে অধিবক্তা জাহিৰ আব্বাছীক। ধৃত অধিবক্তাৰ প্ৰকৃত ঘৰ নগাঁও জিলাৰ কচুৱাত বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, ফেচবুকৰ জৰিয়তে অধিবক্তাজনৰ সৈতে চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছি যুৱতীগৰাকীয়ে ৷ ইয়াৰ পিচতে যুৱতীগৰাকীয়ে প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰিব বিচাৰত অধিবক্তাজনে যুৱতীগৰাকীৰ সৈতে কৰা অন্তৰংগ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিম বুলি ভয় ভাবুকি প্ৰদান কৰে।
পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে উপায়বিহীন হৈ গীতানগৰ আৰক্ষী থানাত অধিবক্তাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। দেওবাৰে গীতানগৰ আৰক্ষীয়ে যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি চান্দমাৰিৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত অধিবক্তাক। ইতিমধ্যে যুৱতীগৰাকীয়ে মোবাইল ফোনত ভাবুকি প্ৰদান কৰা কল ৰেকৰ্ডিং গীতানগৰ আৰক্ষীৰ হাতত জমা দিছে ৷
লগতে পঢ়ক:Mob lynching: প্ৰথমে হত্যা, পিচত অংগ সৰবৰাহ ! অভিযুক্তক গণপ্ৰহাৰ