অসম

assam

অৰ্ধসামৰিক বাহিনীত কৰ্মৰত জোৱানৰ মৃত্যু

ETV Bharat / videos

Jawans last rites performed: অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত জোৱানৰ শেষকৃত্য সম্পন্ন - Jawans last rites performed at Gaurisagar

By

Published : May 7, 2023, 1:48 PM IST

আমগুৰি, ৭ মে: গৌৰীসাগৰত অৰ্ধসামৰিক বাহিনীত কৰ্মৰত জোৱান ভবানী গগৈৰ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । শিলচৰত মৃত্যু অৰ্ধসামৰিক বাহিনীত কৰ্মৰত জোৱান ভবানী গগৈৰ (Jawans last rites performed at Gaurisagar)। গৌৰীসাগৰৰ মাজগাঁৱত শোকাকুল পৰিৱেশত দেওবাৰে তেওঁৰ শেষকৃত্য় সম্পন্ন ।

ভাৰতমাতাৰ বীৰ পুত্ৰ ৩৯ নং ৰেজিমেন্টৰ জোৱান ভবানী গগৈৰ কৰ্মৰত অৱস্থাতে মৃত্যু হয় । দেওবাৰে বীৰ জোৱানগৰাকীৰ নশ্বৰদেহ গৌৰীসাগৰৰ মাজগাঁওত উপস্থিত হোৱাৰ পিছতে স্থানীয় লোকে শেষশ্ৰদ্ধা জ্ঞাপন কৰে । শিলচৰৰ ৩৯ নং ৰেজিমেন্টেও সামৰিক মৰ্যাদাৰে বীৰ জোৱানগৰাকীক শেষ শ্ৰদ্ধা জনায় (Silchar 39 Regiment) ।  

১৯৬৮ চনত জন্মগ্ৰহণ কৰা ভৱানী গগৈৰ ৫ মে'ত শিলচৰত মৃত্যু হয় । শিলচৰৰ ৩৯ নং ৰেজিমেন্টে সামৰিক মৰ্যাদাৰে শেষশ্ৰদ্ধা জনোৱাৰ পিচত জ্ঞানোদয় শংকৰদেৱ চৰ্চা কেন্দ্ৰ, মাজগাঁও নামঘৰ পৰিচালনা সমিতি, মাজগাঁও আধ্যাত্মিক সমাজ, খনামুখ গাঁও পঞ্চায়ত, গৌৰীসাগৰ আঞ্চলিক পঞ্চায়ত, চাৰিঙ্গীয়া, পেকমনীয়া, বাইলুং, ভিতৰুৱাল, বাম চাৰিঙ্গীয়া, মাজনৰা, চাপৰিচুক, লাকলেঙীয়া, নৰা-কোঁৱৰ বাইলুঙ গাঁওকে ধৰি সাতখনকৈ গাঁৱৰ লোক উপস্থিত হৈ বীৰ জোৱানগৰাকীক শেষ শ্ৰদ্ধা জনায় । প্ৰয়াত অতুল গগৈৰ সুযোগ্য পুত্ৰ ভবানী গগৈয়ে মৃত্য়ুৰ সময়ত পত্নীৰ উপৰি তিনিগৰাকী কন্যা, এটি পুত্ৰ সন্তান এৰি যায় ।

লগতে পঢ়ক:Narad Jayanti award : জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাক দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details