অসম

assam

ETV Bharat / videos

Veteran actor Nipon Goswami : বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ অন্তিম যাত্ৰা - অসমীয়া চলচিত্ৰ জগতৰ এটা বৰ্ণিল অধ্যায়

By

Published : Oct 28, 2022, 12:14 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

বিশিষ্ট অভিনেতা তথা অসমীয়া ছবিজগতৰ পথিকৃৎ নিপন গোস্বামীৰ শেষৰটো যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে (Last journey of Actor Nipon Goswami)। জ্যোতি চিত্ৰবনৰ পৰা কলাক্ষেত্ৰলৈ, তাৰ পাচত দীঘলী পুখুৰীলৈ আৰু তাৰ পাছতে নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হয় বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ নশ্বৰদেহ (Actor Nipon Goswami is no more) ৷ প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বহু গুণমুগ্ধই মহানগৰীৰ ভিন্ন প্ৰান্তত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, অসমীয়া চলচিত্ৰ জগতৰ এটা বৰ্ণিল অধ্যায় ইতিমধ্যে অন্ত পৰিছে । ১৯৫৭ চনতেই শিশু শিল্পীৰূপে চলচিত্ৰ জগতত প্ৰৱেশ কৰা অভিনেতাগৰাকীয়ে দেহাৱসানৰ পাচতেই অৱসান ঘটিল এটা সোণালী যাত্ৰাৰ । যি যাত্ৰাত অসমীয়া চলচিত্ৰ জগত বিগত ৬ টা দশক জুৰি সাক্ষী হৈ ৰৈছিল অভিনেতাগৰাকী । তেনে এগৰাকী অভিনেতাক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details